/asomiyapratidin/media/media_files/2026/01/08/whatsapp-image-2026-01-08-21-43-52.jpeg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ জুবিন গাৰ্গৰ ছিংগাপুৰত হোৱা ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি অসমত ৰাজনৈতিক আৰু সামাজিক বিতৰ্ক অব্যাহত আছে। আসাম পাব্লিক ৱৰ্কছ সংস্থা (APWA) আৰু অসমীয়া যুৱ মঞ্চই এই ঘটনাক কেৱল স্বাভাৱিক মৃত্যু বুলি মানি লোৱাৰ বিপৰীতে পাকিস্তানৰ কুখ্যাত চোৰাংচোৱা সংস্থা ISIS আৰু বাংলাদেশৰ মৌলবাদী শক্তি জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে।
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত APWA ৰ সভাপতি আভিজিৎ শৰ্মাই বিস্ফোৰক অভিযোগ উত্থাপন কৰি কয় যে, “জুবিন গাৰ্গ কেৱল এজন শিল্পী নহয়, তেওঁ অসমৰ আত্মা। এনে এজন ব্যক্তিৰ মৃত্যু যদি ৰহস্যজনক হয়, তেন্তে ই কেৱল এটা ঘটনা নহয়, ই এটা ষড়যন্ত্ৰ হ’ব পাৰে।”
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে এই সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰসংগ টানি আনি ঘটনাটো উচ্চস্তৰীয় তদন্তৰ দাবী জনায় সংগঠনটোৱে। APWA-ই দাবী কৰে যে, বহিঃশক্তিয়ে এক বিশেষ ৰণনীতিৰে বিদেশত থকা কিছুমান ব্যক্তি আৰু প্ৰবাসী অসমীয়াৰ সৈতে মিলি অসম অশান্ত কৰাৰ ষড়যন্ত্ৰ ৰচিছিল। সংগঠনটোৰ মতে, বাংলাদেশত ৰাজনৈতিক পট পৰিৱর্তনৰ পাছত ভাৰত বিৰোধী শক্তি সক্ৰিয় হোৱা, “চিকেন নেক” সন্দৰ্ভত বিতৰ্কিত মন্তব্য আদি ঘটনাই এই সন্দেহক অধিক প্ৰকট কৰে।
উল্লেখযোগ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ত APW ৰ সভাপতি আভিজিৎ শৰ্মা আৰু পলাশৰঞ্জন বৰুৱাই 46/2025 নম্বৰত জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাক লৈ এখন ৰাজহুৱা স্বার্থজনিত আবেদন দাখিল কৰিছে। আৱেদনৰ প্ৰসংগ উল্লেখ কৰি কয় যে, ১৯ ছেপ্তেম্বৰত ছিংগাপুৰত জুবিনৰ সৈতে য়টত থকা সকলক কেৱল সোধ-পোছ কৰিলেই নহ'ব। য়টত থকা প্রবাসী অসমীয়া অভিমন্যু তালুকদাৰ, সুস্মিতা গোস্বামী, অনুজ বৰুৱা, তন্ময় ফুকন, দিব্যজ্যোতি হাজৰিকা, সিদ্ধাৰ্থ বৰা, পৰিক্ষিত শৰ্মা, ভাস্কৰ দত্ত, প্রীতম ভূঞা, জয় লংচাত নাৰ্জাৰী, ৰূপ কমল কলিতা, বাজিদ আহেমদক তদন্তৰ আওতালৈ আনিবই লাগিব।
একেদৰে জুবিনৰ পূৰ্বৰ মেনেজাৰ টাৰ্ছেম মিট্রাল আৰু শ্যামকানু মহন্তৰ পত্নী থকা ট্রেণ্ড এম এম এছৰ সঞ্চালিকা অনিতা ডেকা মহন্তকো উচ্চস্তৰীয় তদন্তৰ আওতালৈ অনাৰ দাবী উত্থাপন কৰে সংগঠনটোৱে। আনহাতে, বিষয়টোক গুৰুত্ব সহকাৰে লৈ তদন্ত কৰাৰ দাবী উত্থাপন কৰে অসমীয়া যুৱ মঞ্চই। পুংখানুপুংখভাৱে অনুসন্ধান নোহোৱালৈকে নীৰৱে নথকাৰ হুংকাৰ দিয়ে সংগঠনটোৰ নেতৃবৰ্গই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us