/asomiyapratidin/media/media_files/2025/12/02/374-2025-12-02-16-08-08.jpg)
ডিজিটেল সংবাদ, সোণতলী : দক্ষ শিক্ষা বিষয়া তথা মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই 'The Implications of the COVID-19 Pandemic on Preschool Education–A Study in Kamrup District of Assam' শীৰ্ষক বিষয়ৰ ওপৰত কৰা গৱেষণাৰ বাবে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। তেওঁ একেখন বিশ্ববিদ্যালয়ৰে সহকাৰী অধ্যাপক ড৹ ৰীতিমণি বৰদলৈৰ তত্বাৱধানত গৱেষণা সম্পন্ন কৰে।
উক্ত বিষয়ত ড৹ ঠাকুৰীয়াৰ কেবাখনো গৱেষণা পত্ৰ ইতিমধ্য বিভিন্ন জাৰ্ণালত প্ৰকাশ পাইছে। তেওঁ কামৰূপ জিলাৰ নগৰবেৰাৰ প্ৰয়াত দীনবন্ধু ঠাকুৰীয়া আৰু ননী ঠাকুৰীয়াৰ একমাত্ৰ পুত্ৰ৷বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াৰ এই সাফল্যত নগৰবেৰাকে ধৰি সমগ্ৰ দক্ষিণ কামৰূপৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us