গোলাঘাটৰ বৌদ্ধিক সমাজ উকা কৰি গ'লগৈ অপূৰ্ব কুমাৰ বৰুৱা

সাংবাদিক শিৰোমণি' উপাধিৰে বিভূষিত, বিশিষ্ট নাগৰিক, প্ৰবীণ সাংবাদিক, প্ৰচাৰবিমুখ সু-সংগঠক অপূৰ্ব কুমাৰ বৰুৱাৰ বুধবাৰে নিশা প্ৰায় ১০ বজাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিতসাধীন অৱস্থাত ৯৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে

author-image
Asomiya Pratidin
New Update
153

ডিজিটেল সংবাদ, গোলাঘাট : গোলাঘাটৰ বৌদ্ধিক সমাজখনকে শূণ্য কৰি অজান মুলুকলৈ গতি গৰিলে প্ৰবীণ সাংবাদিক অপূৰ্ব কুমাৰ বৰুৱাই। সাংবাদিক শিৰোমণি' উপাধিৰে বিভূষিত, বিশিষ্ট নাগৰিক, প্ৰবীণ সাংবাদিক, প্ৰচাৰবিমুখ সু-সংগঠক অপূৰ্ব কুমাৰ বৰুৱাৰ বুধবাৰে নিশা প্ৰায় ১০ বজাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিতসাধীন অৱস্থাত ৯৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ মৃত্যুত সমগ্ৰ গোলাঘাটতে গভীৰ শোকৰ ছাঁ পৰিছে। 

প্ৰণিধানযোগ্য যে, ১৯৩২ চনৰ ৭ জানুৱাৰীত গোলাঘাটৰ নগৰৰ পুৰণা আমোলাপট্টিত স্বাধীনতা যুঁজাৰু মহেশ্বৰ বৰুৱাৰ ঔৰসত আৰু তিলোত্তমা বৰুৱাৰ গৰ্ভত জন্ম লাভ কৰিছিল প্ৰবীণ সাংবাদিক অপূৰ্ব কুমাৰ বৰুৱাই। অপূৰ্ব কুমাৰ বৰুৱাৰ একাধাৰে সাংবাদিক হোৱাৰ উপৰিও এগৰাকী নিষ্ঠাবান সমাজকর্মী, চাহ খেতিয়ক, গোলাঘাটৰ পৰা প্ৰকাশিত বাতৰি কাকত "সাপ্তাহিক ধনশিৰি”ৰ মুখ্য সম্পাদক, অসমৰ সমবায় আন্দোলন আৰু গোলাঘাট আৰবান বেংকৰ অন্যতম গুৰি ধৰোঁতা আছিল বৰুৱা।

কলেজীয়া জীৱনতে সাংবাদিকতাৰ প্ৰতি আকর্ষিত হৈছিল বৰুৱা।  স্নাতক পর্যন্ত শিক্ষা সাং কৰি কলিকতাত সাংবাদিকতাৰ শিক্ষা গ্রহণ কৰিছিল। ১৯৬২ চনত প্রয়াত লক্ষীনাথ ফুকন সম্পাদিত দি আসাম ট্রিবুন কাকতৰ ডেস্ক ৰিপৰ্টাৰ (বৰ্তমান ষ্টাফ ৰিপৰ্টাৰ) হৈছিল।

আনন্দ বাজাৰ পত্ৰিকাৰো সংবাদদাতা আছিল বৰুৱা। কেৱল সেয়াই নহয় সাংবাদিক ক্ষেত্ৰখনৰ প্ৰতি থকা অগাধ নিষ্ঠা আৰু সততাৰ বাবে নিজে প্ৰেছ খুলি প্রকাশ কৰি অহা সাপ্তাহিক ধনশিৰিয়ে সংবাদক্ষেত্ৰখনত বৰ্তমানো সেৱা আগবঢ়ায় আছে। গোলাঘাট জিলা সাংবাদিক সন্থাৰ প্ৰথমতে সম্পাদক, পিছলৈ সভাপতি হোৱাৰ ওপৰিও সদৌ অসম সাংবাদিক সন্থাৰ সম্পাদকৰূপে ১৯৬৪ চনত কাৰ্যনিৰ্বাহক কৰিছিল অপূৰ্ব কুমাৰ বৰুৱাই।  

তেখেত নিখিল ভাৰত ক্ষুদ্ৰ আৰু মজলীয়া বাতৰি কাকত সম্পাদক সম্মিলনৰ ৰাষ্ট্ৰীয় উপ-সভাপতিৰূপে দায়িত্বত আছিল। কেৱল সাংবাদিক হিচাপেই নহয় এগৰাকী নীতিনিষ্ঠ ৰাজনীতিজ্ঞ হিচাপেও পৰিচিত আছিল বৰুৱা।  ছাত্র-নেতা হিচাপে গোলাঘাটৰ বেজবৰুৱা চৰকাৰী হাইস্কুলৰ পৰা পঞ্চম শ্রেণীত পঢ়ি থকাৰ পৰাই ছাত্র-নেতাৰূপে চৌহদ, শ্ৰেণীকোঠা, ফুলৰ বাগিছাৰ চাফাই আৰু বন্ধৰ দিনত পথ-গৃহ মেৰামতিৰ কামত। মনোনিবেশ কৰিছিল।

সৰুৰে পৰা বিষ্ণুৰাভাকে ধৰি বহু বিশিষ্ট লোকৰ সান্নিধ্য লাভ কৰিছিল বৰুৱাই। ৰাজনৈতিক কর্মী হিচাপে অসম প্রদেশ যুৱক কংগ্ৰেছৰ সাধাৰণ সম্পাদক, পিছলৈ সভাপতি হৈ গঠনমূলক, প্রাকৃতিক দুর্যোগগ্রস্ত লোকক সাহার্য প্রদানকে ধৰি সামাজিক কামত আত্মনিয়োগ কৰিছিল। পিছলৈ নিখিল ভাৰত যুৱক কংগ্ৰেছৰ সাধাৰণ সম্পাদক হৈছিল। প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দিনত প্রদেশ কংগ্ৰেছৰ নিৰ্বাচনী সমিতি সদস্য হৈছিল।

বেংকসমূহৰ ৰাষ্ট্ৰীয়কৰণ, ৰজা আৰু পুঁজিপতিৰ অতিৰিক্ত ভূমি অধিগ্রহণ আদি প্রগতিশীল কাম-কাজৰ সমৰ্থক আছিল। পিছত গোলাঘাট জিলা কংগ্ৰেছৰ প্ৰায় ৭ বছৰ কাল সভাপতি আছিল। পিছলৈ নিখিল ভাৰত কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লৈছিল অপূৰ্ব কুমাৰ বৰুৱাই। অপূৰ্ব কুমাৰ বৰুৱাক সমবায় আন্দোলনৰ গুৰিধৰোঁতা হিচাপে গণ্য কৰা হয়।

শ্ৰমিক নেতাৰূপেও সমাজলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়াই থৈ গৈছে বৰুৱাই। অসম ৰাজ্যিক গ্রাম্য উন্নয়ন কৰ্মচাৰী সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক, বোকাজান বিলাতী মাটি কাৰখানাৰ কৰ্মী সংঘৰ সভাপতিৰূপে দক্ষতা প্রদর্শন কৰিছিল। কুটিৰ শিল্প, গো-পালন, দুগ্ধ উৎপাদন, ৰাজহুৱা বিতৰণ আদিৰ যোগেদি স্বৰাজ আন্দোলনত সক্রিয় ভূমিকা লৈছিল। গোলাঘাট কনজুমাৰ সমবায় সমিতি, শিৱসাগৰ জিলা কেন্দ্রীয় সমবায় বেকে, অসম শিপিনী সমবায় সমিতি, অসম সমবায় এপেক্স বেংক, বৰুৱাবামুণ গাঁও সমবায় চেনিকল, গোলাঘাট আৰবান সমবায় বেংক আদিৰ প্ৰতিষ্ঠা কালৰে পৰা জড়িত আছিল। অসম সমবায় সংঘৰ সম্পাদক ৰূপে সমবায় আন্দোলনক সুযোগ্য নেতৃত্ব দিছিল। ১৯৭২ চনৰ জেনেভা আৰু জাপানৰ টকিঅত সম্পন্ন বিশ্ব সমবায় সম্মিলনত যোগদান কৰিছিল।

সাংবাদিকতাৰ সামান্তৰালভাৱে অসমৰ সাহিত্য জগতখনলৈও অনবদ্য বৰঙণি আগবঢ়াই থৈ গৈছে বৰুৱাই। "তুমি জানো বুজা নাই” শীৰ্ষক কবিতা পুথিৰে সাহিত্য চর্চা আৰম্ভ কৰাৰ বৰুৱাই পঞ্চাশৰ দশকৰ পৰা মৃত্যুৰ পৰ্যন্ত কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰি উলিওৱাৰ উপৰিও কবিতা আৰু প্ৰবন্ধ আদি বিভিন্ন আলোচনী-সংবাদপত্ৰত প্ৰকাশ পাই আহিছিল। "চাহ খেতিৰ হাতপুথি” নামৰ কিতাপখনি ক্ষুদ্র চাহ খেতিয়কৰ বাবে গাইডবুক। অসম আৰু মণিপুৰৰ বুৰঞ্জীৰ জিলিঙণি, কংগ্ৰেছৰ ভৱিষ্যত, Small and medium Journalism আদি তেখেতৰ অন্যতম গ্ৰন্থ।

বৰুৱা বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে নিবিড় সম্পৰ্ক আছিল। তেখেত বিভিন্ন সময়ত বিভিন্ন ৰাজহুৱা অনুষ্ঠানৰ নেতৃত্বত বহন কৰিছিল। সদৌ অসম মুক্তিযোদ্ধা সম্মিলনৰ ত্ৰয়োদশ ত্রিবার্ষিক অধিবেশন, গোলাঘাট মহোৎসৱ, গান্ধী পদযাত্রী আদৰণি আদি অনেক ৰাজ্যিক,জিলা পৰ্যায়ৰ অভ্যর্থনা সমিতিৰ তেখেতে নেতৃত্ব লৈ আহিছে। ক্ষুদ্র চাহ খেতিয়ক আৰু স্বাৱলম্বী যুৱকৰ বাবে তেখেতে প্ৰেৰণাদাতা।

গোলাঘাট