ৰয়েল গ্ল'ৱেল বিশ্ববিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান

সদ্য ঘোষিত APSCৰ CCE ২০২৪ৰ ফলাফলত প্ৰথম স্থান লাভ কৰা নিহাৰ ৰঞ্জন ডেকাক বৃহস্পতিবাৰে ৰয়েল গ্ল'ৱেল বিশ্ববিদ্যালয়ত সম্বৰ্ধনা জনোৱা হয়।

author-image
Asomiya Pratidin
New Update
gxvhcvhvhx

ডিজিটেল ডেস্কঃ সদ্য ঘোষিত APSCৰ CCE ২০২৪ৰ ফলাফলত প্ৰথম স্থান লাভ কৰা নিহাৰ ৰঞ্জন ডেকাক বৃহস্পতিবাৰে ৰয়েল গ্ল'ৱেল বিশ্ববিদ্যালয়ত সম্বৰ্ধনা জনোৱা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এক প্ৰেৰণাদায়ক মতবিনিময় অনুষ্ঠানো অনুষ্ঠিত হয়।

Department of B.Tech. Civil Engineering ৰ প্ৰাক্তন ছাত্ৰ নিহাৰ ডেকাই নিজৰ সফলতাৰ আঁৰৰ কাহিনী বৰ্ণনা কৰি অনুজ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি কয়— “বিফলতাক ভয় নকৰিব। নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু শৃংখলা আৰু ধৈৰ্য্যক জীৱনৰ অংশ কৰি লওক। মই এই পৰীক্ষাত দুবাৰ ব্যৰ্থ হৈছিলোঁ। ইচ্ছা কৰিলে এৰি দিব পাৰিলোঁহেঁতেন। কিন্তু মই প্ৰক্ৰিয়াটোৰ সৈতে লাগি থাকিলোঁ। যদি আপুনি সঁচাকৈ বিশ্বাস কৰে যে আপুনি কিবা এটা লাভ কৰিব পাৰে, তেন্তে আপুনি নিশ্চয়েই সফল হ’ব।”

WhatsApp Image 2026-02-26 at 2.12.40 PM

ইফালে, RGUৰ জ্যোতি মঞ্চত অনুষ্ঠিত এই অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড° এ কে পানচাৰী উপস্থিত থাকে। তেওঁ নিহাৰৰ কৃতিত্বক বিশ্ববিদ্যালয়খনৰ বাবে গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে আৰু শিক্ষাৰ্থীসকলক অধ্যৱসায় আৰু একাগ্ৰতাৰ সৈতে আগবাঢ়িবলৈ আহ্বান জনায়।

আনহাতে, ভাষণ প্ৰসংগত নিহাৰে বিশেষকৈ সময় ব্যৱস্থাপনাক নিজৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান বুলি উল্লেখ কৰে। তেওঁ কয়, “মই পূৰ্ণকালীন চাকৰি কৰি থকাৰ সময়তে পৰীক্ষাৰ প্ৰস্তুতি চলাইছিলোঁ। সময়সীমা সীমিত, কিন্তু শৃংখলা আৰু ধাৰাবাহিকতাই আপোনাক আগবাঢ়ি লৈ যায়। যদি আপুনি চিভিল ছাৰ্ভিচত সফল হ’ব বিচাৰে, তেন্তে শৃংখলা আৰু ধৈৰ্য্যই আপোনাৰ প্ৰধান শক্তি হ’ব লাগিব।”

WhatsApp Image 2026-02-26 at 2.12.40 PM

উল্লেখযোগ্য যে, অনুষ্ঠানটোত উপস্থিত চিভিল ছাৰ্ভিচ প্ৰত্যাশী ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন প্ৰশ্ন উত্থাপন কৰে আৰু নিহাৰে অভিজ্ঞতাৰ ভিত্তিত প্ৰস্তুতিৰ কৌশল, অধ্যয়ন পদ্ধতি আৰু মানসিক দৃঢ়তাৰ বিষয়ে মূল্যৱান পৰামৰ্শ আগবঢ়ায়।

ৰয়েল গ্ল'ৱেল বিশ্ববিদ্যালয়