/asomiyapratidin/media/media_files/2026/02/17/kikdkd-2026-02-17-10-30-11.jpg)
ডিজিটেল ডেস্কঃ সোমবাৰে বিয়লিভাগত ঘোষণা হৈছিল অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল। উৰ্ত্তীণ হোৱা শিক্ষাৰ্থীসকলৰ মাজত আনন্দৰ জোঁৱাৰ উঠিল। কিন্তু হঠাতে আছিল এটা বিশেষ ঘোষণা। কিছু বিংসগতিৰ বাবে বাতিল কৰা হৈছিল ৰাজ্যৰ অতিকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাটোৰ ফলাফল।
ৰাজ্যৰ অন্যতম এটা গুৰুত্বপূৰ্ণ পৰীক্ষাক লৈ চৰকাৰ তথা লোকসেৱা আয়োগৰ এনে ব্যৱস্থাক সকলোৱে সমালোচনা কৰিলে। বিৰোধীয়ে ইয়াৰ উচিত তদন্ত বিচাৰিছে। কিন্তু ঘোষণা হোৱা পৰীক্ষাৰ ফলাফল এঘন্টাৰ ভিতৰত আকৌ কিয় বাতিল কৰা হ'ল? ইয়াৰ কাৰণো শেহতীয়াকৈ পোহৰলৈ আহিছে।
শেহতীয়াকৈ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি, এ পি এছ চিত মৰাণ-মটক জনগোষ্ঠীৰ বাবে সংৰক্ষিত আছিল দুখনকৈ আসন৷ কিন্তু প্ৰকাশিত তালিকাত নাছিল মৰাণ জনগোষ্ঠীৰ কোনা প্ৰাৰ্থীৰ নাম। ইয়াৰ বিপৰীতে তালিকাত চাৰিখন আসন দিয়া হ’ল মটক জনগোষ্ঠীকে৷ মৰাণ জনগোষ্ঠীৰ দুই প্ৰাৰ্থীৰ নাম নাহিল৷
সেয়েহে ততাতৈয়াকৈ এই ফলাফল বাতিল কৰিছিল আয়োগে। সংশোধিত তালিকাত এইবাৰ মৰাণ জনগোষ্ঠীৰ দুই প্ৰাৰ্থীৰ নাম আহিব। কিন্তু সোমবাৰৰ তালিকাত নাম থকা মটক জনগোষ্ঠীৰ দুই প্ৰাৰ্থীৰ নাম কৰ্তন হ’ব৷ এই সংশোধিত তালিকা দুই-এদিনতে আয়োগে প্ৰকাশ কৰাৰ সম্ভাৱনা আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us