APSC কেলেংকাৰীত উচ্চাৰিত আছু নেতাৰ নাম...

প্ৰতিবেদনখনৰ CCE-2014  (volume-II) পৃষ্ঠাত উল্লেখ কৰা অনুসৰি, ২০১৫ বৰ্ষৰ এপিএছৰ প্ৰথমস্থান দখল কৰা জন দাসৰ সৈতে সুসম্পৰ্ক আছিল ড৹ সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ।

author-image
Asomiya Pratidin
New Update
ংমনংমন

ডিজিটেল ডেস্কঃ বি কে শৰ্মা আয়োগৰ প্ৰতিবেদনৰ তথ্যই জোকাৰণি তুলিছে ৰাজ্যত। অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সংঘটিত অনিয়ম সম্পৰ্কে তদন্তৰ বাবে গঠন কৰা ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত নাম সাঙুৰ খাইছে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ। 

Advertisment

প্ৰতিবেদনখনৰ CCE-2014  (volume-II) পৃষ্ঠাত উল্লেখ কৰা তথ্য অনুসৰি, ২০১৫ বৰ্ষৰ এপিএছৰ প্ৰথমস্থান দখল কৰা জন দাসৰ সৈতে সুসম্পৰ্ক ড৹ সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ। ইফালে সেই সময়ছোৱাত ভট্টাচাৰ্য আৰু এপিএছচি কেলেংকাৰীৰ নায়ক ৰাকেশ পালৰ এখন ফ'টোৱে সামাজিক মাধ্যমত বিশেষ চৰ্চাও লাভ কৰিছিল। কিন্তু উক্ত অভিযোগ সন্দৰ্ভত এই পৰ্যন্ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে।

 

সমুজ্বল কুমাৰ ভট্টাচাৰ্য