ডিজিটেল ডেস্কঃ ২০১৪ চনৰ পৰা প্ৰদান কৰি অহা দেবচন্সচ বিশেষ সাহিত্য প্ৰতিভা বঁটা ২০২৪-২৫ বাবে প্ৰতিভাবান বিশেষভাৱে সক্ষম লেখক লেখিকাৰ পৰা আবেদন/মনোনয়ন আহ্বান কৰা হৈছে।
ইতিমধ্যে এই বঁটা লাভ কৰিছে বিশেষভাৱে সক্ষম সুলেখক ক্ৰমে ৰশ্মিৰেখা ভূঞা, শৰ্মিষ্ঠা প্ৰীতম,জোৱলা বড়া,জেচমিনাৰা আহমেদ, ধ্ৰুৱজ্যোতি বৰা,মণিকা দাস আদিয়ে।
উল্লেখযোগ্য যে এই বঁটাৰ সৈতে অন্যান্য উপহাৰৰ লগতে নগদ এক লাখ টকা লেখক গৰাকীৰ সাহিত্য চৰ্চাৰ ক্ষেত্ৰত সহায় হোৱাকৈ আগবঢ়োৱা হয়। ৫০ বছৰৰ তলৰ লেখক-লেখিকা সকলক যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
যোগাযোগৰ বাবে 7002882139 অন্যথা 7002764552 নম্বৰত যোগাযোগ কৰিব পাৰে ।