২০২৬ ৰ শেষৰ ফালে আৰু ২০২৭ ৰ প্ৰথমাৰ্ধত এপলে মুকলি কৰিব  আইফোন ১৮

দক্ষিণ কোৰিয়াৰ প্ৰযুক্তি কেন্দ্ৰীভূত সংবাদ সংস্থা ইটি নিউজৰ মতে, এপলে আইফোন-১৮ ছিৰিজ ২০২৬ ৰ শেষৰফালে আৰু ২০২৭ ৰ প্ৰথম পৰ্যায়ত মুঠ দুটা পৰ্যায়ত মুকলি কৰাৰ সম্ভাৱনা আছে।

author-image
Tushar Pratim
New Update
২০২৬ ৰ শেষৰ ফালে আৰু ২০২৭ ৰ প্ৰথমাৰ্ধত এপলে মুকলি কৰিব  আইফোন ১৮

ডিজিটেল ডেস্কঃ দক্ষিণ কোৰিয়াৰ প্ৰযুক্তি কেন্দ্ৰীভূত সংবাদ সংস্থা ইটি নিউজৰ মতে, এপলে আইফোন-১৮ ছিৰিজ ২০২৬ ৰ শেষৰ ফালে অথবা ২০২৭ ৰ প্ৰথম পৰ্যায়ত মুকলি কৰাৰ সম্ভাৱনা আছে। প্ৰতিবেদন অনুসৰি, এপলে ২০২৬ৰ দ্বিতীয়াৰ্ধত আইফোন-১৮ এয়াৰ, আইফোন-১৮ প্ৰ’, আৰু আইফোন-১৮ প্ৰ’ মেক্সৰ লগতে প্ৰথম ফ’ল্ডেবল আইফোন মুকলি কৰিব। 

Advertisment

কিন্তু আইফোন-১৮ৰ বেচ মডেল আৰু আইফোন-১৮ মডেল ২০২৭ৰ প্ৰথমাৰ্ধত মুকলি হ’ব। এই বছৰৰ ফেব্ৰুৱাৰীত এপল আইফোন-১৬ মুকলি কৰিছিল, আৰু এতিয়া প্ৰতিষ্ঠানটোৱে পৰম্পৰাগত ভাৱে আইফোনৰ নতুন মডেল মুকলিৰ সময়সূচীৰ পৰা আঁতৰি নতুন কৌশল গ্ৰহণ কৰিছে।

চিএনইটিৰ প্ৰতিবেদন অনুসৰি, ২০২৫ৰ দ্বিতীয় ত্ৰৈমাসিকত আইফোনৰ ছিপমেণ্ট ২ শতাংশ হ্ৰাস পোৱাৰ পিছত এই কৌশলে বিক্ৰী বৃদ্ধিৰ লক্ষ্য ৰাখিছে।

আইফোন ১৭ আৰু ১৮ ছিৰিজৰ সম্ভাৱ্য মুকলিৰ সময়সূচী:
•    ছেপ্টেম্বৰ ২০২৫: আইফোন-১৭, আইফোন-১৭ প্ৰ’, আইফোন-১৭ প্ৰ’ মেক্স, আইফোন-১৭ এয়াৰ
•    ২০২৬ৰ প্ৰথমাৰ্ধ: আইফোন ১৭ই
•    ছেপ্টেম্বৰ ২০২৬: ফ’ল্ডেবল আইফোন, আইফোন-১৮ এয়াৰ, আইফোন-১৮ প্ৰ’, আইফোন-১৮ প্ৰ’ মেক্স
•    ২০২৭ৰ প্ৰথমাৰ্ধ: আইফোন-১৮ বেচ মডেল আৰু আইফোন-১৮ই

এপলৰ প্ৰথম ফ’ল্ডেবল আইফোনত ৭.৮ ইঞ্চিৰ ভিতৰৰ ডিছপ্লে’ আৰু ৫.৫ ইঞ্চিৰ বাহিৰৰ ডিছপ্লে’ থাকিব বুলি ধাৰণা কৰা হৈছে। এই ফোনত দুটা লেন্সৰ কেমেৰা আৰু দুয়োখন ডিছপ্লে’ত ছেলফি কেমেৰা থাকিব। অৱশ্যে এপলে এই বিষয়ে এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই।

এপল আইফোন