ভাৰতীয় বজাৰত এপলৰ অভিলেখঃ এটা বিত্তীয় বৰ্ষতে বিক্ৰী হ’ল ৰেকৰ্ড সংখ্যক ৯ বিলিয়ন ডলাৰ

আইফোন নিৰ্মাতা এপলে ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতত প্ৰায় ৯ বিলিয়ন ডলাৰৰ আইফোন বিক্ৰী কৰি ৰেকৰ্ড গঢ়িছে। ইয়াৰ পূৰ্বৰ বছৰত এই বিক্ৰীৰ পৰিমাণ আছিল ৮ বিলিয়ন ডলাৰ।। 

author-image
Asomiya Pratidin
New Update
ভাৰতীয় বজাৰত এপলৰ অভিলেখঃ এটা বিত্তীয় বৰ্ষতে বিক্ৰী হ’ল ৰেকৰ্ড সংখ্যক ৯ বিলিয়ন ডলাৰ

ডিজিটেল ডেস্কঃ আইফোন নিৰ্মাতা এপলে ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতত প্ৰায় ৯ বিলিয়ন ডলাৰৰ আইফোন বিক্ৰী কৰাৰ ৰেকৰ্ড গঢ়িছে।ব্লুমবাৰ্গৰ প্ৰতিবেদন অনুসৰি ইয়াৰ পূৰ্বৰ বছৰত এই বিক্ৰীৰ পৰিমাণ আছিল ৮ বিলিয়ন ডলাৰ।। 

এপলৰ বিক্ৰীৰ সৰ্বাধিক অংশই আইফোনে দখল কৰিছে। লগতে মেকবুকৰো ভাল বিক্ৰী হৈছে। বিশ্ববজাৰত মোবাইল বিক্ৰীৰ বজাৰ মন্দা অৱস্থাত থাকিলেও ভাৰতীয় বজাৰত এপলৰ এই সাফল্যই কোম্পানিটোক নতুন ভৰসা যোগাইছে।

চীনত এপলৰ আইফোন বিক্ৰী ধীৰে ধীৰে হ্ৰাস পোৱাৰ প্ৰেক্ষাপটত ভাৰতক এপলে অত্যন্ত গুৰুত্বপূৰ্ণ বজাৰ হিচাপে বিবেচনা কৰিছে। চীনা বজাৰত যোৱা জুন মাহত বিক্ৰী ৪.৪ শতাংশ বৃদ্ধি হলেও যোৱা দুটা বছৰতো বিক্ৰী হ্ৰাসৰ পাছত সেই বৃদ্ধি নগণ্য বুলি বিশ্লেষকসকলে উল্লেখ কৰিছে।

ভাৰতীয় বজাৰত খুচৰা ব্যৱসায়ৰ বিস্তাৰৰ অংশ হিচাপে এই সপ্তাহতেই বেংগালৰু আৰু পুনেতে নতুনকৈ দুখন ষ্টোৰ মুকলি কৰিছে এপলে। পূৰ্বে মুম্বাইৰ এপল BKC আৰু দিল্লীৰ এপল ছকেতৰ পাছত এতিয়া বেংগালৰুৰ এপল হেব্বাল আৰু পুনেৰ এপল কোৰেগাঁও পাৰ্ক আৰম্ভ হৈছে। ফলত বৰ্তমান ভাৰতত মুঠ চাৰিখন অফিচিয়েল এপল ষ্টোৰ হৈছে।

কোম্পানীটোৰ মুৰব্বী টিম কুকে সামাজিক মাধ্যম এক্সত এই সন্দৰ্ভত কয়, বেংগালুৰু আৰু পুনেৰ নতুন ষ্টোৰলৈ স্বাগতম। ভাৰতীয় গ্ৰাহকসকলক এপলৰ সৰ্বোত্তম অভিজ্ঞতা দিয়াত আমি আনন্দিত।”

২০২০ চনত এপলে ভাৰতত অনলাইন ষ্টোৰ আৰম্ভ কৰিছিল। তাৰ পিছত ২০২৩ চনত মুম্বাই আৰু দিল্লীত প্ৰথম দুটা শাখা মুকলি কৰি টিম কুকে নিজে উদ্বোধন কৰিছিল। বৰ্তমান নতুন শাখাৰ যোগেদি এপল দেশজুৰি খুচৰা বিক্ৰীৰ বিস্তাৰ অব্যাহত ৰাখিছে।

বিশ্ববজাৰত চতুৰ্থ স্থানত থকা ভাৰত এপলৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন আৰু জাপানৰ পাছত বৃহত্তম বজাৰ হৈ উঠিছে। উৎপাদনৰ ক্ষেত্ৰতো দেশখন ধীৰে ধীৰে গুৰুত্বপূৰ্ণ হৈ উঠিছে। এতিয়া প্ৰায় ২০ শতাংশ আইফোন ভাৰততে নিৰ্মিত হৈছে আৰু মুঠ পাঁচটা কাৰখানাত উৎপাদন চলি আছে। 

এপল আইফোন