/asomiyapratidin/media/media_files/2025/11/28/whatsapp-image-2025-2025-11-28-12-51-56.jpeg)
ডিজিটেল সংবাদ, ধুবুৰী : এটা বা দুটা নহয়,ছয়টাকৈ বাঘ চিকাৰ কৰি এটা সময়ত চৰ্চাৰ কেন্দ্ৰ বিন্দুহৈ উঠা নীহাৰবালা বৰুৱা কোন আপুনি জানেনে ? প্রখ্যাত চলচ্চিত্ৰ পৰিচালক প্রমথেশ বৰুৱাৰ ভগ্নী তথা গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী, পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ পৰিয়ালৰ অন্যতম সদস্য। সম্পৰ্কত পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ পেহী আছিল নীহাৰবালা বৰুৱা।
অৱশ্যে নীহাৰবালাৰ চিনাকী ইয়াতেই শেষ নহয় ৷ ৰাজ পৰিয়ালৰ জীয়ৰী হৈও অৰণ্যত বাঘ চিকাৰ কৰি ফুৰাৰ লগতে বিভিন্ন প্রাকৃতিক সম্পদ সংগ্রহ তথা ইয়াৰ সংৰক্ষণ কৰা, নাৰীৰ বিকাশৰ বাবে অহো পুৰুষাৰ্থ কৰা এগৰাকী বিদুষী নাৰী হিচাপেও নীহাৰবালাৰ খ্যাতি কম নহয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/28/whatsapp-2025-11-28-12-46-13.jpeg)
১৯০৫ চনত ধুবুৰী জিলাৰ গৌৰীপুৰৰ জমিদাৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা নীহাৰবালা মাত্ৰ এঘাৰ বছৰ বয়সতে মুকুন্দ নাৰায়ণ বৰুৱাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। অতি দৃঢ় মনৰ এই গৰাকী মহিলাই সাংসাৰিক কাম-কাজৰ মাজতো বাঘ চিকাৰৰ দৰে ব্যতিক্ৰমী কৰ্ম কাণ্ডৰে জড়িত হৈ পৰিছিল।
জনা মতে, গৌৰীপুৰ অঞ্চলৰ আশে-পাশে থকা ঘন অৰণ্যত ঘূৰি-ফুৰি নীহাৰবালাই কেইবাটাও বাঘ চিকাৰ কৰিছিল । বাঘ চিকাৰ কৰাৰ বাবে ৰাজ পৰিয়ালৰ লোকে সেই সময়ত ৪০ টাকৈ হাতীও লগতলৈ ফুৰিব লগা হৈছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/28/whatsapp-image-2025-11-28-12-46-27.jpeg)
নাৰী শিক্ষাৰ প্ৰসাৰৰ বাবে ৰাজকুমাৰী নীহাৰবালাৰ পৰিশ্ৰম আছিল সঁচাই প্ৰশংসনীয় । তেওঁৰ প্রচেষ্টাতে গৌৰীপুৰৰ প্ৰতাপ চন্দ্ৰ বিদ্যালয়ত ছোৱালীৰ বাবে শিক্ষাৰ ব্যৱস্থা কৰা হৈছিল ৷ ১৯৪০ চনৰ পূৰ্বে ছোৱালীৰ বাবে কেৱল মধ্য ইংৰাজী স্কুলহে আছিল ।
উচ্চ শিক্ষাৰ আন কোনো ব্যৱস্থাই নাছিল ৷ তেওঁৰ উদ্যোগতে নাৰীৰ উচ্চ শিক্ষাৰ পথ প্ৰশস্ত হয়। তদুপৰি তেওঁৰ পিতৃ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা এগৰাকী অসাধাৰণ প্ৰতিভাসমপন্ন ব্যক্তি আছিল । পিতৃৰ লগতে তেওঁ সৰুৰে পৰাই অৰণ্যত ঘূৰি-ফুৰি অৰণ্যৰ বৈচিত্ৰতা, জীৱ-জন্তুৰ জীৱন, বাসস্থান, আহাৰ, প্ৰজনন আদি সম্পৰ্কে প্ৰয়ো জনীয় জ্ঞান আহৰণ কৰিবলৈ সক্ষম হৈছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/28/whatsapp-2025-11-28-12-44-40.jpeg)
বন্যপ্ৰাণী চিকাৰৰ বিভিন্ন কিটিপো তেওঁ পিতৃৰ পৰাই শিকিছিল। নীহাৰ বালাই থিয় দি থকা হাতীৰ শুঁৰ বগাই পিঠিত উঠি বহিবলৈ বৰ পছন্দ কৰিছিল। জমিদাৰৰ পৰিয়ালত যিবোৰ গীতক ‘ছোট লোকৰ গান’বুলি অৱহেলা কৰা হৈছিল, তেওঁ সেই গীতবোৰক আঁকোৱালি লৈ মাটিৰ মানুহৰ গীত বুলি প্ৰতিষ্ঠা কৰাত সবল ভূমিকা পালন কৰিছিল।
নৃত্য-গীতৰ পৰা আৰম্ভ কৰি লোক-কাহিনী, শ্লোক, প্রবাদ, সাধাৰণ খাটিখোৱা কৃষকৰ গীত-মাত আদি সকলোখিনিকে তেওঁ ধৰি ৰাখি ইয়াৰ প্ৰচাৰ-প্ৰসাৰ আৰু উত্তৰণ দিহা কৰিছিল । কলকাতাৰ পৰা প্ৰকাশিত ‘দেশ’ আলোচনীত ১৯৫২ চনৰ ২৭ ডিচেম্বৰত তেওঁৰ বিশেষ কলমত প্রকাশিত প্ৰৱন্ধটো অসমীয়া লোক সাহিতৰ অন্যতম দলিল বুলি চিহ্নিত হৈছে।
‘দেশ’ আলোচনীৰ উপৰি পশ্চিমবংগৰ ‘পৰিচয়’ আৰু ‘বিশ্ব ভাৰতী আলোচনীতো ১৯৩১ চনৰ পৰা ১৯৩৪ চনলৈকে তেওঁৰ লেখা প্ৰকাশিত হৈছিল। অসমৰ লোককৃষ্টিক বিশ্বৰ দৰবাৰত পৰিচয় কৰাই দিয়াৰ বাবে তেওঁৰ প্ৰচেষ্টাতে গঢ়ি উঠে ‘ফক মিউজিক এণ্ড ৰিচাৰ্ছ ইনষ্টিউট।ত্ৰিশৰ দশকত তেওঁ ইউৰোপো ভ্ৰমণ কৰিছিল ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/28/whatsapp-image-2-2025-11-28-12-47-12.jpeg)
পৰৱৰ্তী সময়ত নিজৰ সংগৃহীত সামগ্ৰীৰে নিজা বাসভৱনত এক সংগ্ৰহালয় স্থাপন কৰিছিল নীহাৰবালাই। ২০০৩ চনতএই গৰাকী প্ৰতিভাৱান মহিলাৰ দেহাৱসান ঘটিলেও তেওঁ আগবঢ়াই যোৱা অৰিহণাৰ বাবে তেওঁক আজিও সোঁৱৰে গুণমুগ্ধই । বৰ্তমানে ৰাজকণ্যা নীহাৰবালা বৰুৱাৰ বাসভৱনত থকা তেওঁৰ নিজা বিভিন্ন সমল সমূহ উপযুক্ত তত্বাৱধানৰ অভাৱত ধ্বংস হৈ যোৱা পৰিলক্ষিত হৈছে।
স্থানীয় সচেতন ৰাইজে নীহাৰবালা বৰুৱাৰ অতি প্ৰাচীন সেই সমলসমূহ সংৰক্ষণ কৰি ৰখাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত আহ্বান জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us