/asomiyapratidin/media/media_files/2025/07/27/apj-abdul-kalam-27-2025-07-27-10-23-51.jpg)
ডিজিটেল ডেস্কঃ মিছাইল মেন হিচাপে খ্যাত, দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামৰ আজি পুণ্যতিথি। এই পুণ্যতিথিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে মৃত্যু বাৰ্ষিত এ পি জে আব্দুল কালামলৈ শ্ৰদ্ধা জ্ঞাপন কৰি তেওঁক এজন প্ৰেৰণাদায়ক, দূৰদৰ্শী, অসাধাৰণ বিজ্ঞানী, এগৰাকী গুৰু, আৰু এজন মহান দেশপ্ৰেমিক হিচাপে স্মৰণ কৰে। এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, কালামৰ চিন্তাই দেশৰ যুৱক-যুৱতীসকলক এখন উন্নত আৰু শক্তিশালী ভাৰত গঢ়াৰ দিশত অৰিহণা যোগাবলৈ প্ৰেৰণা দিয়ে।
On his death anniversary, paying homage to our beloved former President, Dr. APJ Abdul Kalam. He is remembered as an inspiring visionary, outstanding scientist, mentor and a great patriot. His dedication to our nation was exemplary. His thoughts motivate the youth of India to…
— Narendra Modi (@narendramodi) July 27, 2025
২০০২ চনৰ পৰা ২০০৭ চনলৈ প্ৰয়াত ড০ এ পি জে আব্দুল কালামে দেশৰ একাদশ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ সৰল জীৱন-যাপন আৰু সকলোৰে প্ৰতি কৰা সহজ-সৰল আচৰণৰ বাবে তেওঁ সকলো শ্ৰেণীৰ মানুহৰ মাজত হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল।
আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়েও প্ৰয়াত ৰাষ্ট্ৰপতিগৰাকীৰ পুণ্যতিথিত শ্ৰদ্ধাৰে স্মৰণ কৰিছে। তেওঁ সামাজিক মাধ্যমত লিখিছে- ভাৰতৰ মিছাইল মেন হিচাপে খ্যাত ড° এ পি জে আব্দুল কালামদেৱে তেখেতৰ সুগভীৰ চিন্তাধাৰাৰে এখন শক্তিশালী ৰাষ্ট্ৰ গঢ়াৰ সপোন দেখিছিল। অধ্যৱসায়, কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰে তেখেতে জীৱন জয় কৰিছিল।
প্ৰযুক্তি আৰু বিজ্ঞানৰ জগতখনৰ জৰিয়তে দেশক সেৱা কৰাৰ ক্ষেত্ৰত তেখেতে আগবঢ়াই থৈ গৈছে অতুলনীয় বৰঙণি। নতুন প্ৰজন্মক স্বপ্নৰ বাটেৰে আগুৱাই দিঠকত উপনীত হ'বলৈ তেখেতে প্ৰেৰণা যোগাইছিল। দেশৰ এইগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতিলৈ জনালোঁ সশ্ৰদ্ধ প্ৰণিপাত।
Tributes to the Missile Man of India, a visionary scientist and statesman who devoted his life to building a stronger, self-reliant Bharat.
— Himanta Biswa Sarma (@himantabiswa) July 27, 2025
Remembering the People’s President, Dr. APJ Abdul Kalam, on his punyatithi today. pic.twitter.com/8gmuyVLi6u