/asomiyapratidin/media/media_files/2026/02/11/sdfsdsdsd-2026-02-11-21-56-36.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ ৰাভা সম্প্ৰদায়ৰ মহিলা সকলে ব্যৱহাৰ কৰা খামবাং ফাকচেক নামৰ বস্ত্ৰৰ বাবে ভাৰত চৰকাৰে ১৯৯১ চনত ৰাষ্ট্ৰপতি বঁটাৰে সন্মানিত কৰা বস্ত্ৰশিল্পী অপিলা ৰাভা আৰু নাই। ৰাষ্ট্ৰপতি বঁটা প্ৰাপক শিল্পী গৰাকীৰ আজি সন্ধিয়া মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ৬২ বছৰ।
জানিব পৰা মতে, যোৱা কিছুদিন ধৰি অপিলা ৰাভা বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। পাছত আজি পুৱা অধিক অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে তেওঁক চিকিৎসা মহাবিদ্যালয় লৈ নিয়ে যদিও তাতেই শিল্পী গৰাকীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, ধুবুৰী জিলাৰ গৌৰীপুৰৰ পাৰ্শ্বৱৰ্তী কোকৰাঝাৰ জিলাৰ পৰ্বতঝৰা মহকুমাৰ দেৱীতোলাৰ আমবাৰী অঞ্চলৰ বাসিন্দা শ্ৰীকান্ত ৰাভাৰ কন্যা অপিলা ৰাভা ৰাভা সম্প্ৰদায়ৰ এগৰাকী সংগ্ৰামী মহিলা আছিল। ৰাভা সম্প্ৰদায়ৰ মহিলা সকলে ব্যৱহাৰ কৰা খামবাং ফাকচেক নামৰ বস্ত্ৰৰ বাবে ভাৰত চৰকাৰে ১৯৯১ চনত অপিলা ৰাভাক ৰাষ্ট্ৰপতি বঁটাৰে পুৰস্কৃত কৰিছিল। অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান অপিলা ৰাভা সংঘৰ্ষৰে জীৱন যাপন কৰিছিল। ডাইনী কু-প্ৰথাৰ বিৰুদ্ধে ৰাভাই মাৰ বান্ধি থিয় দিয়াৰ লগতে সমাজক সচেতন কৰাৰ বাবে অহৰহ প্ৰচেষ্টা চলাই গৈছিল।
তেওঁ ৰাভা সম্প্ৰদায়ৰ বস্ত্ৰ লৈ আমেৰিকা, অষ্ট্ৰেলিয়া, চুইজাৰলেণ্ড আদি বিভিন্ন দেশত অনুষ্ঠিত হোৱা প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই সক্ষম হৈছিল। আজি বিশিষ্ট শিল্পী তথা সমাজকৰ্মী অপিলা ৰাভাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অগণন গুণমুগ্ধৰে তেওঁৰ ঘৰ ভৰি পৰে। আজি তেখেতৰ নশ্বৰদেহ চিকিৎসালয়ৰ পৰা ঘৰলৈ অনা হয়। অৱশ্যে কাইলৈহে তেওঁৰ শেষকৃত্য সম্পন্ন কৰিব বুলি জানিব পৰা গৈছে। ৰাভাৰ মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us