/asomiyapratidin/media/media_files/2025/09/01/namrup-01-2025-09-01-20-52-40.jpg)
ডিজিটেল সংবাদ নামৰূপঃ অসম চৰকাৰৰ বৰ্তমান এক লাভ জনক প্ৰতিষ্ঠান অসম শক্তি উৎপাদন নিগম লিমিটেডৰ (APGCL) কৰ্মচাৰীসকলক নাৰ্য্য প্ৰাপ্তিৰ পৰা বঞ্চিত কৰাৰ লগতে পদোন্নতি বন্ধ কৰি ৰখাৰ অভিযোগত কৰ্মচাৰীসকলে আজি দুপৰীয়া ধর্ণা কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদী সকলে মহাপ্ৰবন্ধকক এক স্মাৰক পত্ৰ প্ৰদান কৰি উক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অগ্ৰসৰ হৈছিল যদিও মহপ্ৰবন্ধকগৰাকীয়ে মুখ্য প্ৰবেশ দ্বাৰ বন্ধ কৰি দিয়াত পৰিস্থিতি উত্তপ্ত হৈ পৰে।
প্ৰতিবাদীসকলে মেনেজমেণ্ট আৰু মহপ্রবন্ধকগৰাকীৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ক্ষোভিত প্ৰতিবাদীসকলে কয় যে, এ পি জি চি এলত বিষয়াসকলৰ বাবে ছাৰ্ভিছ ৰুলছ, ছাৰ্ভিছ মেনুৱেল আছে কিন্তু কৰ্মচাৰীৰ ক্ষেত্ৰত নায়। বিষয়াসকলক পদোন্নতি দিবলে পদ নাথাকিলেও নতুন নতুন পদ সৃষ্টি কৰি লয় অথবা পদোন্নতি দিব নোৱাৰিলে পাব লগা পদৰ সম মানৰ দৰমহা দিয়া হয়।
কিন্তু কৰ্মচাৰীসকলক সেই সুবিধাৰ পৰা বঞ্চিত কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদীসকলে। বিষয়াসকলৰ নিজ ইচ্ছামতে ট্ৰেন্সফাৰ লব পৰা সুবিধা অথবা বদলি দিয়াৰ পূৰ্বে বিষয়াগৰাকীক সুধিলৈহে বদলিৰ স্থান নিৰ্ধাৰণ কৰে।
কিন্তু কৰ্মচাৰীসকলৰ ক্ষেত্ৰত নিজৰ প্ৰাপ্যৰ বাবে অথবা প্ৰতিষ্ঠানৰ হিতৰ বাবে মাত মতিলেই বদলি কৰে বুলি অভিযোগ উখাপন কৰে প্ৰতিবাদীসকলে। লগতে উল্লেখ কৰে যে হয়তো আজিৰ আন্দোলনৰ পিছতে কিছু কৰ্মচাৰীক শাস্তিমূলক বদলি দিব পাৰে।
উল্লেখ্য যে, APGCL হ'ল এক উৎপাদন প্ৰতিস্থান কিন্তু বৰ্ত্তমানৰ কৰ্তৃপক্ষই উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰি কৰ্মচাৰীসকলৰ ওপৰত দমমূলক নীতি অৱলম্বন কৰিছে বুলি অভিযোগ কৰে। আনহাতে প্ৰাপ্ত তথ্য মতে কিছু বছৰ পূৰ্বে STMD ৰ ৫ নং ইউনিট ৰ কুলিং টাৱাৰৰ ভিতৰৰ অংশ বহু লাখ টকা খৰছ কৰি প্ৰায় নতুনকৈ নিৰ্মাণ কৰাৰ কিছুদিন পাছতেই ৫ নং টাৰ্বাইনটো সম্পূৰ্ন বন্ধ কৰি দিয়া হয় বুলি জানিব পৰা গৈছে। নতুন নতুন বিভাগ গঠন কৰাৰ পাছতো উৎপাদন বৃদ্ধিৰ বিপৰীতে দিনক দিনে উৎপাদন হ্ৰাস হোৱা দেখা গৈছে নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ।