জুবিনৰ মৃত্যুৰ ঘটনাৰ জৰুৰী তদন্ত বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ গৌৰৱ গগৈৰ...

এপিচিচিৰ সভাপতি, লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ প্ৰেৰণ কৰি জুবিন গাৰ্গৰ অকাল মৃত্যুৰ জৰুৰী আৰু স্বচ্ছ তদন্তৰ দাবী উত্থাপন কৰিছে।

author-image
Asomiya Pratidin
New Update
GG 30

ডিজিটেল ডেস্কঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ প্ৰেৰণ কৰি জুবিন গাৰ্গৰ অকাল মৃত্যুৰ জৰুৰী আৰু স্বচ্ছ তদন্তৰ দাবী উত্থাপন কৰিছে। গগৈয়ে নিজৰ পত্ৰত ঘটনাৰ প্ৰধান অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক চি আই ডিৰ সন্মুখত হাজিৰ হ’বলৈ দিয়া বৰ্ধিত সময়ক লৈয়ো প্ৰশ্ন উত্থাপন কৰে।

তেওঁ অভিযোগ কৰে যে, অভিযুক্তৰ প্ৰতি এনে নম্ৰতাই গুৰুত্বপূৰ্ণ প্ৰমাণ নষ্ট কৰিবলৈ সুযোগ লাভ কৰাৰ সুযোগ লাভ কৰিব। তাৰোপৰি গগৈয়ে জুবিন ন্যায়ৰ দাবীৰে প্ৰতিবাদ কৰা লোকসকলৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি গ্ৰেপ্তাৰ কৰা কাৰ্যৰো উদ্বেগ প্ৰকাশ কৰে। 

গগৈয়ে অসম আৰক্ষীৰ চি আই ডিৰ বিশেষ তদন্তকাৰী গোটে চলাই থকা তদন্তৰ ওপৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ক তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছে। তেওঁ জুবিনৰ ন্যায়ৰ দাবীৰে মাত মাতি অহা নাগৰিক সমাজ, শান্তিপূৰ্ণ প্ৰতিবাদকাৰী আৰু পৰিয়ালৰ লোকক সুৰক্ষা প্ৰদানৰো দাবী উত্থাপন কৰে।

জুবিন গাৰ্গ গৌৰৱ গগৈ