/asomiyapratidin/media/media_files/2025/09/18/gg18-2025-09-18-19-54-10.jpg)
ডিজিটেল সংবাদ গুৱাহাটীঃ বিটিচি পৰিষদীয় নিৰ্বাচনত মথনগুৰিত সাংবাদিকৰে হোৱা বাৰ্তালাপত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ক্ষমতা আৰু স্বাৰ্থসিদ্ধিৰ বাবে বিটিচি চুক্তি নস্যাৎ কৰিব বিচৰাতো দেশৰ গণতন্ত্ৰৰ বাবে চৰম বিপদজনক বুলি মন্তব্য কৰে।
মুখ্যমন্ত্ৰীৰ মন্তব্যৰ তীব্ৰ নিন্দা কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে, বড়ো জনগোষ্ঠীয়ে বিভিন্ন সংগ্ৰামৰ মাজেদি ২০০৩ চনত বিটিচি চুক্তি কৰিছিল আৰু এই সংগ্ৰামত বহু লোক ছহিদ হৈছিল, বহু লোক গৃহহীন হৈছিল। ঘাত-প্ৰতিঘাতৰ অন্তত হোৱা বিটিচি চুক্তিৰ অন্তত আজি বড়োলেণ্ড অঞ্চললৈ শান্তি আহিছে।
শান্তি-সম্প্ৰীতিৰে বড়োলেণ্ড এলেকাত বসবাস কৰি থকা বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত কেৱল ক্ষমতা লাভৰ বাবে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিচি আৰু বিটিআৰ চুক্তিক নস্যাৎ কৰাতো গৰিহণাযোগ্য নহয়, অগণতান্ত্ৰিকো বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।
গগৈয়ে কয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ স্বাৰ্থত গণতান্ত্ৰিক ব্যৱস্থা আৰু প্ৰমূল্যবোধক ধূলিস্যাৎ কৰিব বিচাৰিছে। কংগ্ৰেছ দলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰে আৰু যিকোনো মূল্যৰ বিনিময়ত বিটিচিত গণতন্ত্ৰ সুৰক্ষিত কৰা হ’ব বুলি উল্লেখ কৰে।
বিটিচি নিৰ্বাচনত ৩৯টা সমষ্টিত কংগ্ৰেছ দলে ভাল ফলাফল দেখুৱাবলৈ গৈ থকাৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচটনিমূলক আৰু সাম্প্ৰদায়িক কথা-বতৰাৰ দ্বাৰা বিটিচিৰ ভোটাৰক ভীতিগ্ৰস্ত কৰি তুলিছে। কংগ্ৰেছ দল সদায় বিটিচিৰ ৰাইজৰ লগত আছে বুলিও তেওঁ উল্লেখ কৰে।
উল্লেখ্য যে আজি এখন সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিচিত কিয় বিটিআৰ লাগে, যদি ৰাজ্য চৰকাৰে সকলো উন্নয়নমূলক কাম-কাজ কৰিব লাগে বুলি মন্তব্য কৰি বিটিচিত বিজেপিক চৰকাৰ কৰিবলৈ দিব লাগে বুলি কৈ একপ্ৰকাৰে বড়ো চুক্তিক নস্যাৎ কৰা দেখা গৈছে।