/asomiyapratidin/media/media_files/2025/12/19/xcxcxcxfdfed-2025-12-19-19-32-33.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ 'ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ অভিযানৰ দ্বাৰা অসম প্ৰদেশ কংগ্ৰেছে অহা ২০ ডিচেম্বৰৰ পৰা ৰাজ্যজুৰি শক্তিশালী গণসংযোগ যাত্ৰা আৰম্ভ কৰিব। ইয়াৰ অংশ হিচাপে শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পৰা প্ৰাক্তন সাংসদ, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্বাচন ব্যৱস্থাপনা সমিতিৰ অধ্যক্ষ ৰিপুন বৰা, বিধায়ক নুৰুল হুদা আৰু মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছৰ এটা দল পাৰ্বত্য জিলা কাৰ্বি আংলং আৰু ডিমা হাছাওলৈ ৰাওনা হয়।
প্ৰদেশ কংগ্ৰেছৰ এই দলটোৱে শনিবাৰৰ পৰা পাৰ্বত্য জিলা দুখনৰ ৰাইজৰ মাজত নতুন অসম গঢ়াৰ লক্ষ্যৰে ৰাইজৰ মতামত গ্ৰহণ কৰিব। যাত্ৰাৰ আৰম্ভণিতে প্ৰথমটো দলে সোণাপুৰৰ জুবিন গাৰ্গ ক্ষেত্ৰলৈ গৈ প্ৰাণৰ শিল্পীগৰাকীৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি যাত্ৰা আৰম্ভ কৰে।
আনহাতে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মাজুলী আৰু ডিব্ৰুগড়ত এই যাত্ৰাত ভাগ ল’ব। ইফালে, ২১-২৪ ডিচেম্বৰলৈ সভাপতি গৌৰৱ গগৈয়ে ডিব্ৰুগড়, মাকুম, ধেমাজি, লখিমপুৰ জিলাৰ সভা-সমিতি আৰু ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙেও ২০ ডিচেম্বৰৰ পৰা ৰাজ্যখনৰ কেবাখনো সভা-সমিতিত অংশগ্ৰহণ কৰিব।
একেদৰে বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই নামনি অসমৰ বৰপেটা, বজালী আদি জিলাত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। বৰাকৰ হাইলাকান্দিত সাংসদ তথা নিৰ্বাচনী ইস্তাহাৰ সমিতিৰ অধ্যক্ষ প্ৰদ্যুৎ বৰদলৈয়ে বিভিন্ন শ্ৰেণীৰ ৰাইজক সাক্ষাৎ কৰিব। নিৰ্বাচনী কেম্পেইনিং সমিতিৰ অধ্যক্ষ ভূপেন বৰাই ২১ ডিচেম্বৰত দৰং জিলাত, ২২ ডিচেম্বৰত শোণিতপুৰ আৰু ২৩ ডিচেম্বৰত বিশ্বনাথ জিলাত গণসংযোগ যাত্ৰাত ভাগ ল’ব। ৰাজ্যখনৰ বিভিন্ন জিলাত কাইলৈৰ পৰা এনেদৰে ৰাইজৰ মনৰ কথা আৰু সমস্যাৰ বুজ লৈ এখন বাস্তৱধৰ্মী নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰিবলৈ প্ৰদেশ কংগ্ৰেছে প্ৰস্তুতি চলাইছে আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত এই বিস্তৃত কাৰ্যসূচী আৰম্ভ হৈছে।
এই যাত্ৰাৰ অংশ হিচাপে ভাৰতীয় জাতীয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকল, বিধায়ক, সাংসদ আৰু দলীয় কৰ্ম-কৰ্তাসকলৰ সহযোগত, ৰাজ্যজুৰি গ্ৰাম্যাঞ্চলৰ সকলো লোকৰ সৈতে সংযোগ স্থাপন কৰিব। কৃষক, শ্ৰমিক, ছাত্ৰ-ছাত্ৰী, ক্ষুদ্ৰ ব্যৱসায়ী, উদ্যোগপতি, মহিলা, বুদ্ধিজীৱী, সামাজিক সংগঠন আৰু সমাজৰ নেতাসকলক সংযুক্ত কৰি “নতুন অসম”ৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰাটোৱেই হৈছে এই যাত্ৰাৰ মূল লক্ষ্য।
উল্লেখযোগ্য যে, এই অভিযান পাঁচটা দলৰ দ্বাৰা চলোৱা হ'ব। এই উদ্দেশ্যে মুঠ ৫ খন বাছ ইতিমধ্যে সাজু কৰি তোলা হৈছে। উল্লেখ্য যে, ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ শীৰ্ষক অভিযান যোৱা ৬ ডিচেম্বৰত ডিব্ৰুগড়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছিল। এইক্ষেত্ৰত ৰাইজৰ বিস্তৃত আৰু অন্তৰ্ভুক্তিমূলক অংশগ্ৰহণ নিশ্চিত কৰিবলৈ প্ৰদেশ কংগ্ৰেছে www.natunaxom.com শীৰ্ষক এক বিশেষ ডিজিটেল প্লেটফৰ্মো মুকলি কৰিছে দলটোৱে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us