ৰাষ্ট্ৰীয় -আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা বুটলা অন্যতমক অৱহেলা কিয়?

আকাশ চোৱাৰ সপোন পুহিঁ ৰাখিছে যুৱকজনে। প্ৰত্যাহ্বানৰ মাজেৰে আগবাঢ়ি গৈছে জীৱন সংগ্ৰামত। সংগ্ৰামৰ মাজেৰেই তেওঁ বুটলি আনিছে ইটোৰপ পিছত সিটো ৰাষ্ট্ৰীয় -আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ সফলতা। 

author-image
Asomiya Pratidin
New Update
ikkkdd

ডিজিটেল ডেস্কঃ আকাশ চোৱাৰ সপোন পুহিঁ ৰাখিছে যুৱকজনে। প্ৰত্যাহ্বানৰ মাজেৰে আগবাঢ়ি গৈছে জীৱন সংগ্ৰামত। সংগ্ৰামৰ মাজেৰেই তেওঁ বুটলি আনিছে ইটোৰপ পিছত সিটো ৰাষ্ট্ৰীয় -আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ সফলতা। 

f3176a81-8dc1-48a4-923a-584c49bafee2

অসমৰ এই ৰাষ্ট্ৰীয় -আন্তৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভাৰে উজ্বলি উঠা বিশেষবাৱে সক্ষম খেলুৱৈ গৰাকী হৈছে-  অন্যতম ৰাজকুমাৰ ৷ ২০০৮ চনৰ ৰাষ্ট্ৰীয় পেৰা অলিম্পিক ছুইমিং চেম্পিয়নশ্বিপ ত ৰূপ আৰু বঞ্জৰ পদকেৰে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল তেওঁ। 

78181e0c-8c73-441d-935c-9a19810d5b06

অন্যতম ৰাজকোঁৱৰ এতিয়াও এগৰাকী সক্ৰিয় খেলুৱৈ ৷ দেশে বিদেশে নিজৰ খেলৰে অসমলৈ গৌৰৱ কঢ়িয়াই  অনা অন্যতম এতিয়াও উপেক্ষিত হৈ আছে ৰাজ্য় চৰকাৰৰ উৎসাহ আৰু আৰ্থিক সহায়ৰ পৰা ৷

a5e56fa1-1591-4026-9d93-926d1b1d6188

অন্যতমৰ মাতৃৰ অসমৰ চৰকাৰৰ প্ৰতি অভিযোগ বিগত সময়ত অসম চৰকাৰৰ নীতি অনুসৰি অন্যতমে চৰকাৰৰ পৰা পাবলগীয়া আৰ্থিক সহায়ৰ পৰা বঞ্চিত কৰা হৈছে। খেলুৱৈগৰাকীক এনেদৰে অৱজ্ঞা কৰা ঘটনাক চৰকাৰৰ অন্যায় আখ্যা দিছে অন্যতমৰ মাতৃয়ে। 

অসম চৰকাৰ