'বিশ্ব গ্ৰন্থমেলা ২০২৬' লৈ বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীক আমন্ত্রণ

‘দৰ্শক-পাঠকৰ সৈতে লেখকৰ মুখামুখী’ শীৰ্ষক এই বিশেষ অনুষ্ঠানটো অহা ১০ জানুৱাৰী তাৰিখে বিয়লি ৪.০০ বজাত ভাৰত মণ্ডপমৰ গ্ৰন্থমেলাস্থলীত অনুষ্ঠিত হ’ব।

author-image
Asomiya Pratidin
New Update
cadfax

ডিজিটেল ডেস্কঃ অহা ১০ জানুৱাৰীৰ পৰা ১৮ জানুৱাৰীলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত নেচনেল বুক ট্ৰাষ্ট আৰু ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ৰ উদ্যোগত আয়োজিত বিশ্ব গ্ৰন্থমেলা ২০২৬ উপলক্ষে সাহিত্য অকাডেমীয়ে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অসমৰ বিশিষ্ট সাহিত্যিক তথা সাদিন কাকতৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীক আমন্ত্ৰণ জনোৱা হৈছে।

WhatsApp Image 2026-01-08 at 7.42.54 PM

‘দৰ্শক-পাঠকৰ সৈতে লেখকৰ মুখামুখী’ শীৰ্ষক এই বিশেষ অনুষ্ঠানটো অহা ১০ জানুৱাৰী তাৰিখে বিয়লি ৪.০০ বজাত ভাৰত মণ্ডপমৰ গ্ৰন্থমেলাস্থলীত অনুষ্ঠিত হ’ব। অনুষ্ঠানটোত অনুৰাধা শৰ্মা পূজাৰীয়ে পাঠক আৰু দৰ্শকৰ সৈতে প্ৰত্যক্ষভাৱে মত-বিনিময় কৰিব আৰু সাহিত্যিক যাত্ৰা, সৃষ্টিশীল চিন্তা-চৰ্চা তথা অসমীয়া সাহিত্যৰ সমসাময়িক প্ৰসংগসমূহৰ সন্দৰ্ভত আলোকপাত কৰিব বুলি আশা কৰা হৈছে। নতুন বছৰৰ আৰম্ভণিতে বিশ্ব পৰিসৰৰ এই সন্মানজনক মঞ্চত অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিকৰ অংশগ্ৰহণক অসমীয়া সাহিত্য জগতৰ বাবে এক উৎসাহজনক খবৰ হিচাপে বিবেচনা কৰা হৈছে। 

অনুৰাধা শৰ্মা পূজাৰী