New Update
/asomiyapratidin/media/media_files/2025/10/14/ujjjd-2025-10-14-10-01-51.jpg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ মৃ্ত্যুকাণ্ডৰ তদন্ত প্ৰক্ৰিয়াৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে অৱগত কৰাবলৈ ৰাজ্যৰ প্ৰায় ১৫গৰাকী ব্যক্তিক আমন্ত্ৰণ কৰিছিল এছ আই টিয়ে। কিন্তু ইজনৰ পিছত সিজন বিশিষ্ট ব্যক্তিয়ে এই আমন্ত্ৰণ প্ৰত্যাখান কৰিছে। এই বৈঠকত উপস্থিত নথকাৰ কথা আছুৱেও ঘোষণা কৰিছে। শেহতীয়াকৈ সামাজিক মাধ্যমযোগে এই আমন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰাৰ কথা সদৰি কৰিছে বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়েও।
সামাজিক মাধ্যমত বিশিষ্ট সাহিত্যিক গৰাকীয়ে এই আমন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰাৰ কথা এছ আই টি তথা উদ্যোক্তাসকলক জনাই দিয়া বুলি উল্লেখ কৰিছে। তেওঁ সামাজিক মাধ্যমত লিখিছে এনেদৰে-
প্ৰসংগ:- কেইগৰাকী মান ব্যক্তিৰ সৈতে SIT ৰ প্ৰস্তাবিত বৈঠক।
কালি বিয়লি উক্ত প্ৰস্তাবিত বৈঠক খনত উপস্থিত থকাৰ বাবে আমন্ত্ৰণ অহাৰ লগে লগেই সেই বৈঠকত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত মোৰ ব্যক্তিগত অপাৰগতাৰ বিষয়ে উদ্যোক্তা সকলক ফোন আৰু Whatsapp যোগে জনাই দিছো আৰু দুই এক সংবাদ মাধ্যমকো এই কথা অৱগত কৰিছো । লগতে, এইটোও অনুভৱ কৰোঁ যে মোৰ স্থানত তদন্ত সম্পৰ্কত আইনী আৰু চিকিৎসা বিজ্ঞানৰ বিষয়ে সম্যক জ্ঞান থকা বিশেষজ্ঞ সকলক বৈঠকলৈ আমন্ত্ৰণ কৰা হ'লেহে তেখেতসকলে SIT ৰ তদন্ত প্ৰক্ৰিয়াৰ ক্ষেত্ৰত উপযুক্ত মতামত দিব পাৰিলেহেতেন।
মই অনুভৱ কৰোঁ যে এনে ধৰণে ব্যক্তি বিশেষক লৈ বৈঠক অনুষ্ঠিত কৰাৰ সলনি চৰকাৰে এখন সৰ্বদলীয় বৈঠক আহ্বান কৰি সেই বৈঠকলৈ অসমৰ প্ৰধান জাতীয় সংগঠন সমুহৰ প্ৰতিনিধি সকল আৰু জুবিন গাৰ্গৰ পৰিয়ালৰ লোককো আমন্ত্ৰণ কৰি আনি তদন্ত প্ৰক্ৰিয়াৰ বৰ্তমানলৈকে লাভ কৰা অগ্ৰগতি তথা বিভিন্ন দিশ সম্পৰ্কে অৱগত কৰিলেহে তদন্ত প্ৰক্ৰিয়াৰ বিশ্বাসযোগ্যতা আৰু স্বচ্ছতা ৰক্ষাৰ ক্ষেত্ৰত সহায়ক হ'ব আৰু জনসাধাৰণ কিছু পৰিমাণে আস্বস্ত হ'ব পাৰিব।
এই সময়ত অসম চৰকাৰ তথা SIT ৰ মুৰব্বী সকললৈ এটাই অনুৰোধ যে এনে ধৰণৰ আলোচনা- বিলোচনাত গুৰুত্ব প্ৰদান কৰাতকৈ ক্ষীপ্ৰ আৰু পানী নসৰকা তদন্ত প্ৰক্ৰিয়াৰ যোগেৰে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত সত্য উদ্ঘাটন কৰি দোষীক কথোৰতম শাস্তি প্ৰদান কৰক।