/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/c0185c97-cf18-4092-b1f5-fcd5a72f2fd9/sen_gupta_29.jpg)
anup sen gupta
ডিজিটেল ডেস্কঃ বিশিষ্ট সমাজ,সাংস্কৃতি কৰ্মী মানৱহিতৈষী অনুপ সেনগুপ্তই বৃহস্পতিবাৰে নিশা প্ৰায় ৭ বজাত মালিগাওঁ কেন্দ্ৰীয় ৰে'ল হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে। তেখেতে যোৱা এবছৰ কৰ্কট ৰোগত ভুগি আছিল। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭১ বছৰ।
প্ৰয়াত অনুপ সেন গুপ্তই মৃত্যুৰ সময়ত পত্নী, দুগৰাকী কন্যাৰ লগতে আত্মীয়-স্বজন আৰু বহু গুণমুগ্ধক এৰি গৈছে। মানৱতাবাদী আৰু বিজ্ঞানমনস্ক সামাজিক আন্দোলনৰ নেতাগৰাকীৰ শেষ ইচ্ছা অনুসৰি ২৮ অক্টোবৰ, শুকুৰবাৰে তেখেতৰ মৰণোত্তৰ দেহ গুৱাহাটীৰ চাংসাৰিত থকা অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ)ত দান কৰা হয়।
এই ক্ষেত্ৰত প্ৰয়াত সেনগুপ্তৰ পৰিয়ালৰ উপৰিও ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগ আছিল প্ৰশংসনীয়। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ) কৰ্তৃপক্ষৰ হৈ সেনগুপ্তৰ মৰণোত্তৰ দেহ মৰ্যাদা সহকাৰে গ্ৰহণ কৰে এনাটমী বিভাগৰ অধ্যাপক ডাঃ ৰাজু ৰামেশ্বৰ বোকানেই।
অনুষ্ঠানত উপস্থিত থাকে ডাঃ মুৰলীধৰ ৰেড্ডীসংঘমসহ কেইবাগৰাকীও শিক্ষক-কৰ্মচাৰী। মৰণোত্তৰ দেহদান অনুষ্ঠান পৰিচালনা কৰে ইলোৰা বিজ্ঞান মঞ্চৰ সাধাৰণ সম্পাদক কমলেশ গুপ্তই। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত প্ৰয়াত সেনগুপ্তৰ কন্যা সমন্বিতে পৰিয়ালৰ অন্যান্য সদস্য সকলৰ উপৰিও বিশিষ্ট সাংবাদিক উদয়ন বিশ্বাস, শান্তনু তৰফদাৰ, হিমাংশু দাস প্ৰমুখ্যে ৰে'ল শ্ৰমিক সংগঠনৰ নেতৃবৰ্গ, ইলোৰা বিজ্ঞান মঞ্চ পান্ডু মালিগাওঁ শাখাৰ সম্পাদক শিশিৰ ভট্টাচার্য, হৰি কলিতা প্ৰমুখ্যে মঞ্চৰ বহু কেইজন কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে।
উল্লেখ্য যে, প্ৰয়াত সেনগুপ্তই ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে ২০১৬ চনতে চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধন আৰু মানৱ কল্যাণৰ হকে মৰণোত্তৰ দেহদানৰ শেষ ইচ্ছা-পত্ৰত স্বাক্ষৰ কৰি ৰাখিছিল। পান্ডু মালিগাওঁ অঞ্চলৰ জনপ্রিয় সমাজকৰ্মী প্ৰয়াত সেনগুপ্ত ভাৰতৰ কমিউনিষ্ট পার্টি (মাৰ্ক্সবাদী) আঞ্চলিক সমিতিৰ নেতা আছিল।
ইলোৰা বিজ্ঞান মঞ্চই মানৱহিতৈষী তথা বিজ্ঞানমনস্ক শ্ৰমিক নেতা অনুপ সেনগুপ্তৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে আৰু স্বনামধন্য নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। মঞ্চই তেখেতৰ শোকবিহ্বল পৰিয়ালৰ প্ৰতি জ্ঞাপন কৰিছে সমবেদনা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us