New Update
/asomiyapratidin/media/media_files/2025/10/26/54-2025-10-26-22-36-08.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা থানাৰ আৰক্ষীয়ে দেওবাৰে টুমনী-বৰাইকান্দি গাঁৱত ড্ৰাগছবিৰোধী অভিযান চলাই প্ৰায় ১ কোটি টকাৰ হেৰ’ইন আৰু নিচাজাতীয় টেবলেটসহ এটা ড্ৰাগছ বেপাৰীক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে, গোপন সূত্ৰৰ ভিত্তিত থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া ইনেছপেক্টৰ জে.এছ খুবুঙৰ নেতৃত্বত আৰক্ষীৰ দল এটা গাঁৱখনৰ মতিবৰ ৰহমানৰ পুত্ৰ বানেছ আলীৰ ঘৰত অভিযান চলায়।
শনিবাৰে নিশা প্ৰায় ১ বজাত ঘৰখনত অভিযান চলাই নিশা প্ৰায় ২ বজাত ১ কোটি টকাৰ হেৰ’ইন আৰু নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে বানেছ আলীক আটক কৰি জেৰাৰ পাচত আজি সন্ধিয়া গ্ৰেপ্তাৰ কৰিছে বুলি থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া জেএছ খুবুঙে জানিবলৈ দিছে।
সোমবাৰে পুৱাৰ ভাগত ড্ৰাগছ বেপাৰী বানেছ আলীক হাটশিঙিমাৰী জিলা আদালতত হাজিৰ কৰোৱা হ’ব। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা ৪ টা চাবোনৰ বাকচ ভৰ্তি ৮৬ গ্ৰাম হেৰ’ইন, ৬৬ টা কণ্টেনাৰ ভৰ্তি ৬৬ গ্ৰাম হেৰ’ইন আৰু ৮১৬ টা নিচাজাতীয় কেপচুল জব্দ কৰিছে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us