/asomiyapratidin/media/media_files/2025/10/29/whatsapp-image-202-2025-10-29-17-39-02.jpeg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মঙলবাৰে সন্ধিয়া অনুষ্ঠিত হয় অন্তৰাৰ নৃত্য অৰ্পন শীৰ্ষক এটি অনুষ্ঠান। সত্ৰীয়া কৃষ্টি-সংস্কৃতিৰ বহুকেইগৰাকী গুণী লোকৰ উপস্থিতিৰে জীপাল হৈ পৰে এই অনুষ্ঠানটি।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/29/jjjdd-2025-10-29-17-36-56.jpg)
পদ্মভূষণ নৃত্যাচাৰ্য যতীন গোস্বামী, বায়নাচাৰ্য ঘনকান্ত বৰা বৰবায়ন,গোবিন্দ শইকীয়া, ৰামকৃষ্ণ তালুকদাৰ, শাৰদী শইকীয়া, ৰঞ্জুমণি শইকীয়া, ৰিঞ্জুমণি শইকীয়াৰ উপস্থিতিত ভিন ভিন বিষয়ত পাচটাকৈ সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/29/whatsap-2025-10-29-17-37-44.jpeg)
সত্ৰীয়া নৃত্য বিশাৰদ অন্তৰা গোস্বামীৰ উদ্যোগত আয়োজিত অনুষ্ঠানটিত ড° মল্লিকা কন্দলী, অনিতা শৰ্মা, ড° প্ৰতিভা শৰ্মা, ড° মীৰনন্দা বৰঠাকুৰ, চেতনা দাস, গোপাল বৰদলৈ উপস্থিত থকা লগতে ৫০০ৰো অধিক দৰ্শকে অনুষ্ঠান উপভোগ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/29/1-1-2025-10-29-17-37-57.jpeg)
উল্লেখযোগ্য যে, অন্তৰা গোস্বামীয়ে সংগীত নাটক অকাডেমী, আইচিচিআৰ আদি সংগঠনে আয়োজন কৰা বিভিন্ন মঞ্চত গুৰু সেউজপ্ৰিয়া বৰঠাকুৰ আৰু পদ্মভূষণ নৃত্যচাৰ্য শ্ৰী যতীন গোস্বামীৰ নিৰ্দেশনাত ভাৰতৰ অন্যতম শাস্ত্ৰীয় নৃত্যৰূপ সত্ৰীয়াৰ সুন্দৰ প্ৰদৰ্শন আগবঢ়াই আহিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/29/whatsapp-imag-2025-10-29-17-38-13.jpeg)
সামন্তৰালকৈ শ্ৰী গোস্বামীয়ে গুণাকৰ দেৱ গোস্বামীৰ পৰিচালিত মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা অৰ্জুন ভঞ্জন,২০১৭ চনত নেচনেল স্কুল অৱ ড্ৰামাৰ বাল সংগম,২০২২ চনত সংগীত নাটক অকাডেমীয়ে নতুন দিল্লীত আয়োজন কৰা কেলিডস্কোপ ফেষ্টিভেল আৰু সংগীত নাটক একাডেমীৰ দ্বাৰা শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত সত্ৰীয়া সন্ধ্যাটো অংশগ্ৰহণ কৰিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us