গহপুৰত দিন দুপৰতে পুনৰ চুৰিকাণ্ড

গহপুৰ আৰক্ষী থানা আৰু গহপুৰ নগৰৰ মাজমজিয়াৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ নিলগত সংঘটিত হোৱা এই চুৰি কাণ্ডই গহপুৰ আৰক্ষীৰ ফোপোলা স্বৰূপ পুনৰ বাৰ উন্মোচিত কৰি তুলিছে।

author-image
Asomiya Pratidin
New Update
199

ডিজিটেল সংবাদ, গহপুৰ : বিজেপিৰ "জন আশীৰ্বাদ যাত্ৰা"ত অংশগ্ৰহণৰ বাবে সোমবাৰে গহপুৰলৈ আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইয়াকে লৈ কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। তদুপৰি গহপুৰ নগৰতো যথেষ্ট তৎপৰতা বৃদ্ধি পাইছে গহপুৰ আৰক্ষীৰ।

মুখ্যমন্ত্ৰীৰ আগমনক লৈ গহপুৰ আৰক্ষীয়ে অব্যাহত ৰখা নিৰাপত্তাজনিত তৎপৰতাৰ মাজতে দেওবাৰে দিন দুপৰতে গহপুৰ নগৰত সংঘটিত হয় আন এক চুৰিকাণ্ড। গহপুৰ আৰক্ষী থানা আৰু গহপুৰ নগৰৰ মাজমজিয়াৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ নিলগত সংঘটিত হোৱা এই চুৰি কাণ্ডই গহপুৰ আৰক্ষীৰ ফোপোলা স্বৰূপ পুনৰ বাৰ উন্মোচিত কৰি তুলিছে।

গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ধেনুধৰাত আজি দিনদুপৰতে সংঘটিত হোৱা এই চুৰি কাণ্ডত ৰূপা ভূঞা নামৰ বিধৱা মহিলা গৰাকীৰ গডৰেজত থকা সোণৰ আঙুঠি,ৰূপৰ গহনা, কেঁচা সোণৰ গহণা আৰু নগদ সোতৰ হাজাৰ টকা আৰু পান,আধাৰ আৰু ভোটাৰ কাৰ্ড লৈ যায় এটা চুৰি চক্ৰই। জানিব পৰামতে-ৰূপা ভূঞা আৰু তেওঁৰ পুত্ৰ ময়ূখ ভূঞা আজি পুৱা প্ৰায় ১০ বজাত ঘৰৰ পৰা ওলাই গৈছিল নাম-সেৱাত অংশগ্ৰহণৰ বাবে।

যোৱাৰ সময়ত তেওঁলোকে ঘৰৰ দুৱাৰ খিৰিকী আৰু সন্মুখৰ গেট তলা মাৰি গৈছিল। নামসেৱাৰ পৰা প্ৰথমে ঘৰলৈ ঘূৰি আহে ৰূপা ভূঞা। তেতিয়া সময় বিয়লি প্ৰায় ৩-৫০ বাজিছিল। ইয়াৰ পিছত ৰূপা ভূঞাই তলা খুলি ভিতৰলৈ সোমাই গৈ দেখে যে তেওঁৰ দুটা কোঠালীত থকা চাৰিটা লোৰ গডৰেজ খোলা অৱস্থাত থকাৰ লগতে গডৰেজৰ ভিতৰৰ কাপোৰ-কানি,বেগ,বয়-বস্তু আদি মজিয়াত সিঁচৰতি হৈ আছে।

ঘৰটোৰ ভিতৰত এনে পৰিৱেশ দেখি ৰূপা ভূঞাই ভয়ত চিঞৰ-বাখৰ কৰিবলৈ বাধ্য হয়। পিছত ওচৰ চুবুৰীয়া আৰু গহপুৰ আৰক্ষী উপস্থিত ৰূপা ভূঞাৰ ঘৰত। চোৰৰ দলটো ৰূপা ভূঞাৰ ঘৰৰ পিছফালৰ পৰা অহা বুলি সন্দেহ কৰা হৈছে।তাৰ পিছত চোৰৰ দলটোৱে ঘৰটোৰ পূৱ দিশৰ খিৰিকীৰ এখন লোৰ গ্ৰীল এৰুৱাই উক্ত স্থানেৰে ভিতৰত প্ৰৱেশ কৰি চুৰি কাৰ্য্য সংঘটিত কৰে।

উল্লেখযোগ্য যে-আজি ঘটনাৰ খবৰ পোৱাৰ পিছত গহপুৰ আৰক্ষীৰ এগৰাকী বিষয়া উক্ত বাসগৃহত উপস্থিত হোৱাৰ বাহিৰে কিবা যে সফল অভিযান চলাব পাৰিব সেয়া গহপুৰ নগৰবাসীৰ মনে নধৰে। কাৰণ গহপুৰ নগৰত অব্যাহত থকা চুৰি কাৰ্য্য ৰোধ কৰাত চুড়ান্ত ভাবে ব্যৰ্থ হৈছে গহপুৰ আৰক্ষীয়ে।

ইয়াৰ পূৰ্বে যোৱা যোৱা ২৮ জানুৱাৰীৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈকে গহপুৰ নগৰত ধাৰাবাহিকভাবে সংঘটিত হৈছে কেইবাটাও চুৰিকাণ্ড। আনহে নালাগে গহপুৰ আৰক্ষী থানাৰ গাতে লাগি থকা মন্দিৰতো সংঘটিত হৈছে চুৰিকাণ্ড।

গহপুৰ নগৰত এনেদৰে অব্যাহত থকা চুৰিকাণ্ড ৰোধ কৰাত গহপুৰ আৰক্ষী চুড়ান্ত ভাবে ব্যৰ্থ হোৱাত এতিয়া গভীৰ নিৰাপত্তাহীনতাত ভূগিছে গহপুৰ নগৰৰ প্ৰতিগৰাকী বাসিন্দা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তথাকথিত স্মাৰ্ট আৰক্ষীৰ এনে সোপাঢিলা কাৰ্য্যক এতিয়া কঠোৰ ভাষাৰে সমালোচনা কৰিবলৈ বাধ্য হৈছে গহপুৰ নগৰবাসী ৰাইজে।

গহপুৰ