/asomiyapratidin/media/media_files/2025/12/25/whatsapp-image-20-2025-12-25-22-06-19.jpeg)
ডিজিটেল ডেস্কঃ বাংলাদেশত ক্ৰমাৎ অধিক উত্তেজনাপূৰ্ণ হৈ পৰিছে পৰিৱেশ। পুনৰ দেশখনত হত্যাৰ বলি হ'ল আন এজন হিন্দু যুৱক। এইবাৰ ঘটনাৰ স্থান ৰাজবাৰীৰ পাংছাত।
/asomiyapratidin/media/post_attachments/www.opindia.com/wp-content/uploads/2025/12/Amrit-Mondal-Bangladesh-2025-12-25-19-34-39-991661.jpg?resize=696%2C425&ssl=1)
উল্লেখ্য যে, একাংশ উত্তেজিত লোকৰ প্ৰহাৰৰ বলি হৈ মৃত্যু অমৃত মণ্ডল ওৰফে সম্ৰাট নামৰ এজন যুৱকৰ।স্থানীয় ৰাইজৰ অভিযোগ মতে বুধবাৰে নিশা সম্ৰাটে গাঁৱৰ এটা ঘৰলৈ ধন দাবীৰ বাবে গৈছিল। কিন্তু পৰিয়ালটোৱে সম্ৰাটক ধন দিবলৈ অস্বীকাৰ কৰি চিঞৰ-বাখৰ কৰাৰ লগে লগে ওচৰ চুবুৰীয়া লোকসকল সেইস্থানত সমবেত হয়। কিন্তু সুযোগ গ্ৰহণ কৰি সম্ৰাটৰ আন সহযোগীসকলে পলায়ন কৰে।ইয়াৰ পাছতে সম্ৰাটৰ ওপৰত আক্ৰমণ চলায় উত্তেজিত লোকসকলে।
/asomiyapratidin/media/post_attachments/13b3e3a9-e97.jpg)
প্ৰণিধানযোগ্য যে, খবৰ লাভ কৰাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। তাৰ পিছতে সম্ৰাটক পাংছা উপজিলা স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয়। কিন্তু চিকিৎসালয়ত সম্ৰাটক মৃত ঘোষণা কৰে। ইফালে পাংছা আৰক্ষী থানাই আটক কৰিছে সম্ৰাটৰ এজন সহযোগীক। ইপিনে খবৰ অনুসৰি সম্ৰাটৰ এজন সহযোগীৰ পৰা দুটা বন্দুক উদ্ধাৰ কৰিছে তদন্তকাৰীয়ে। বৰ্তমান আৰক্ষীয়ে তদন্ত আব্যাহত ৰাখিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us