/asomiyapratidin/media/media_files/2025/11/30/358-2025-11-30-21-50-49.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিমখন অসমীয়া ছবি ৰৈ ৰৈ বিনালেৰ আন এক কৃতিত্ব। প্ৰথমবাৰৰ বাবে "ৰৈ ৰৈ বিনালে" প্ৰদৰ্শিত হ'ল ইউৰোপৰ দুটা ছবিগৃহত।
ইউৰোপৰ ছুইডেন আৰু আয়াৰলেণ্ডত প্ৰদৰ্শিত হয় "ৰৈ ৰৈ বিনালে"। ছুইডেনৰ ৰাজধানী ষ্টকহ'মত ২৯ নৱেম্বৰত বায়'মাৰুতিজ চেভেনস্কা ফ্লিমইনষ্টিউটত নামৰ ছবিগৃহত প্ৰদৰ্শন কৰা হয়।
ছবিগৃহত প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই প্ৰবাসী অসমীয়াসকলে সংৰক্ষিত কৰে এখন আসন। অসমীয়াৰ স্বাভিমান গামোছা আৰু জাপিৰে প্ৰথম শাৰীৰ প্ৰথম আসনখন প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি সংৰক্ষিত কৰে প্ৰবাসী অসমীয়াসকলে।
ছবিগৃহত উপস্থিত প্ৰবাসী অসমীয়াসকলে জুবিন গাৰ্গৰ কালজয়ী গীত "মায়াবিনী ৰাতিৰ বুকুত" সমস্বৰে পৰিৱেশন কৰি প্ৰাণৰ শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। ছবিখন উপভোগ কৰিবলৈ ছুইডেনৰ গুটেনবাৰ্গ, ভেচটেৰাচ, লিংক'পিং, উপাচালা আদি বিভিন্ন চহৰৰ পৰা প্ৰবাসী অসমীয়া সকল ষ্টকহ'মলৈ অহা পৰিলক্ষিত হয়।
ছবিগৃহত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই এক সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয়। অনুষ্ঠানত উপস্থিত লোক সকলে প্ৰাণৰ শিল্পীগৰাকীৰ সৈতে কটোৱা বিভিন্ন মধুৰ স্মৃতিক সুঁৱৰি আৱেগিক হৈ পৰে।
জুবিন গাৰ্গৰ প্ৰতি বিদেশতো প্ৰবাসী অসমীয়াসকলে এনে এটা মহৎ অনুষ্ঠানৰ আয়োজন কৰা কাৰ্যই পুনৰ প্ৰমাণ কৰিলে যে জুবিন গাৰ্গৰ মৃত্যু কেতিয়াও হ'ব নোৱাৰে। চিৰদিন চিৰকাল বিশ্বৰ প্ৰতিটো কোণতে থকা প্ৰতিজন অসমীয়াৰ হৃদয়ত জুবিন গাৰ্গ নামৰ এই সত্বা জীয়াই থাকিব।
ছুইডেনত অধ্যয়ণৰত অসমৰ বহু ছাত্ৰ-ছাত্ৰীয়েও শনিবাৰৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। ছুইডেনৰ লগতে আয়াৰলেণ্ডতো প্ৰবাসী অসমীয়াসকলে একেদৰেই প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us