/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/c1dfbfcf-cfb9-49fb-b584-5f8765b96afb/dhemaji_award.jpg)
anoonduram award,dhemaji
ডিজিটেল সংবাদ ,ধেমাজিঃ অসমৰ অন্যান্য জিলাৰ লগতে বুধবাৰে ধেমাজিটো ধেমাজি প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫% শতাংশলৈ উত্তীৰ্ণ হোৱা মেধাবী ছাত্ৰ-ছাত্ৰী সকলক আনন্দৰাম বৰুৱা বঁটা আৰু মানপত্ৰ বিতৰণৰ সভা অনুষ্ঠিত হয় ৷ বিয়লি ২ বজাত অনুষ্ঠিত হোৱা বটাঁ প্ৰদান অনুষ্ঠানৰ আৰম্ভণিতে সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু আতঁ ধৰে ধেমাজি জিলা বিদ্যালয় সমূহৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক কবিতা ডেকাই।
এই উপলক্ষে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী অভিভাৱক সকলৰ উপস্থিত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ মাজতে ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্য কৰি ধেমাজি জিলা উপায়ুক্ত অসম কুমাৰ ভট্টাচাৰ্য, ধেমাজি জিলা উন্নয়ন আয়ুক্ত অৰূপ কুমাৰ পাঠক আৰু ৰাজ্যিক অধিবিদ্যা পৰিষদৰ সাধাৰণ সম্পাদক খগেন পেগুৱে উপস্থিত থাকি বক্তব্যত বিদগ্ধ পণ্ডিত আনন্দৰাম বৰুৱা জীৱনদৰ্শৰে অনুপ্ৰাণিত হৈ কঠোৰ সাধনা আৰু কষ্টেৰে জীৱনত একো একোজন বিশেষ মানৱ সম্পদ ৰূপে গঢ়ি তুলিবলৈ অনুপ্ৰেৰণা যোগায়।
ধেমাজিত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ৬০১ গৰাকী মেধাবী ছাত্ৰ-ছাত্ৰীক এই বটাঁ প্ৰদান কৰা হয় ৷ ইয়াৰে বুধবাৰে প্ৰথম পৰ্যায়ত ৩৪ গৰাকী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বটাঁ আৰু মানপত্ৰ প্ৰদান কাৰ্য্যসূচী সোঁশৰীৰে আৰু ডিজিটেল পদ্ধতিৰে সমাপন কৰা হয় । অনুষ্ঠানত অধিবিদ্যা পৰিষদৰ ধেমাজি জিলা সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰদীপ বৰুৱা উপস্থিত থাকে ৷