/asomiyapratidin/media/media_files/2025/09/12/dfedtsdxas-2025-09-12-16-15-38.jpg)
ডিজিটেল সংবাদ, চাপৰঃ চাপৰৰ শালকোচা সমবায় সমিতি লিমিটেডৰ ২০২৪-২৫ বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভা শালকোচা বজাৰত অনুষ্ঠিত হয়। আমজামুল আমিনৰ সভাপতিত্ব অনুষ্ঠিত সভাখনত সমবায়খনৰ কাৰ্যপদ্ধতি, আৰ্থিক পৰ্যালোচনা আৰু আগন্তুক দিনৰ পৰিকল্পনা প্ৰস্তুত কৰে।
জানিব পৰা মতে, কৃষি ক্ষেত্ৰত সমবায় খনৰ অৱদানৰ বাবে যোৱা বছৰ নতুন দিল্লীত গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণৰ বাবে বিশেষভাৱে আমন্ত্ৰণ লাভ কৰিছিল সমবায়খনৰ সভাপতি সম্পাদকে। উল্লেখযোগ্য যে, স্থানীয় কৃষকসকলক সৱলীকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে শালকোচা সমবায় সমিতি লিমিটেডে।
সমবায়খনে আধুনিক কৃষি পদ্ধতিৰ প্ৰৱৰ্তনৰ জৰিয়তে অঞ্চলটোৰ অগণন পৰিয়ালক উপকৃত কৰাৰ উপৰি বহু কৃষক সমবায়ৰ ফালৰ পৰা ঋণ প্ৰদান কৰি কৃষক লাভাম্বিত কৰি আহিছে। ইয়াৰ উপৰি নতুনকৈ মহিলা সৱলীকৰণৰ ওপৰত কাম কৰিব বুলি জানিবলৈ দিয়ে সভাপতি গৰাকীয়ে। আনহাতে, বাৰ্ষিক সাধাৰণ সভাত জনোৱা মতে তুলনামূলকভাৱে ২০২৪-২৫ বৰ্ষত লাভজনক দিশত আছে সমবায়খন। ইতিমধ্যে সমবায় খনৰ সম্পত্তি কোটিৰ ঘৰ পাৰ কৰিছে বুলি উল্লেখ কৰে।