/asomiyapratidin/media/media_files/2026/01/30/21-2026-01-30-14-10-16.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ বটদ্ৰৱাৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান দময়ন্তী বালা মেমৰিয়েল ইংলিছ একাডেমীৰ শুকুৰবাৰে বাৰ্ষিক দিৱস আৰু দশম শ্ৰেণীৰ বিদায় সম্বৰ্ধনা অনুষ্ঠানটি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পুৱা একাডেমীৰ প্ৰতিষ্ঠাপক প্ৰয়াত হৰেন্দ্ৰ কুমাৰ দেৱ মহন্ত আৰু শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বন্তি প্ৰজ্বলন কৰে একাডেমীৰ অধ্যক্ষা মামু গোস্বামীয়ে আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তুৱাৰাম বৰুৱাই।
পাছত বিদ্যালয় প্ৰাংগনত সজা অস্থায়ী মঞ্চত অনুষ্ঠিত সভাত ধনীয়াভেটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰফিকুল ইছলাম, হাইডুবি হাইস্কুলৰ প্ৰধান শিক্ষক হুছেইন আলি, বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱজ্যোতি মহন্ত, সাদিন- প্ৰতিদিন গোষ্ঠীৰ সাংবাদিক দিব্যজ্যোতি বৰুৱা আৰু শিক্ষা বিভাগৰ কৰ্মচাৰী দিব্যজ্যোতি গায়নে দময়ন্তী বালা মেমৰিয়েল ইংলিছ একাডেমীৰ উত্তৰোত্তৰ কামনা কৰি" ভাষন প্ৰদান কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/30/whatsapp-im-2026-01-30-14-12-07.jpeg)
সভাত ২০২৫ বৰ্ষৰ একাডেমীৰ প্ৰতিটো শ্ৰেণীৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কৃত কৰাৰ লগতে বিদ্যালয়ত বিগত দিনত অনুষ্ঠিত খেল ধেমালিৰ স্থানপ্ৰাপ্ত সকলক পুৰস্কৃত কৰা হয়। একাডেমীৰ ছাত্ৰ ছাত্ৰী জেবিবা মেহনাজ, চন্দাংশু কাশ্যপ বৰা, আনিছা জেফৰিনে আঁত ধৰা অনুষ্ঠানটিত ছাত্ৰ ছাত্ৰী সকলে পৰিবেশন কৰা সত্ৰীয়া নৃত্য, আধুনিক নৃত্য, আধুনিক গীত, কবিতা আবৃত্তি আদিৰে মুখৰিত হৈ পৰে।
সমাজকৰ্মী মনোজ বৰাকে প্ৰমুখ্য কৰি শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, অভিভাৱক-আভিভাবিকা সহ চাৰি শতাধিক লোক উপস্থিত থকা অনুষ্ঠানটিৰ শেষত বিদ্যালয়ৰ প্ৰথম বেচ(first batch) ৰ ছাত্ৰ ছাত্ৰী সকল তথা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগিয়া ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয়। ছাত্ৰ ছাত্ৰী সকলেও তেওঁলোকৰ অনুুভ ব্যক্ত কৰি আবেগিক হৈ পৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us