/asomiyapratidin/media/media_files/2025/11/04/127-2025-11-04-10-54-33.jpg)
ডিজিটেল ডেস্ক : বিশ্বকাপ জয়ৰ পাছতে জেপ গৰম হ’ল হৰমন প্ৰীত, স্মৃতি মান্ধানা- দিপ্তীৰ। একেদৰে ৰেনুকা ঠাকুৰ, জেমিমাহ ৰড্ৰিগেছ, ৰিচা ঘোষ, শেফালি বাৰ্মাৰো গৰম হৈছে পকেট। আনহাতে বিশ্বকাপ জয়ী দলটোৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব শকত ধনৰ টোপোলা।
বিচিচিআয়ে শেহতীয়াভাৱে প্ৰকাশ কৰিছে বাৰ্ষিক চুক্তিৰ তালিকা। ২০২৪-২৫ৰ বাবে এই তালিকা প্ৰকাশ কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে। এ, বি আৰু চি এই তিনিটা শাখাত বিভক্ত কৰিছে খেলুৱৈসকলক। এই অনুসৰি এ গ্ৰুপত স্থান লাভ কৰিছে অধিনায়িকা হৰমন প্ৰীত, স্মৃতি মান্ধানা আৰু দিপ্তী শৰ্মাই।
একেদৰে বি গ্ৰুপত স্থান লাভ কৰিছে ৰেনুকা ঠাকুৰ, জেমিমাহ ৰড্ৰিগেছ, ৰিচা ঘোষ আৰু শেফালি বাৰ্মাই। তাৰোপৰি গ্ৰুপ চিত স্থান লাভ কৰিছে অমনজিত কৌৰ, ৰাখী যাদৱ, উমা চেত্ৰীকে ধৰি ৯ গৰাকী খেলুৱৈয়ে।
উল্লেখযোগ্য যে, গ্ৰুপ এত স্থান লাভ কৰা খেলুৱৈয়ে বাৰ্ষিক ৫০ লাখ টকা লাভ কৰিব। একেদৰে গ্ৰুত বিৰ খেলুৱৈয়ে পাব ৩০ লাখকৈ টকা। গ্ৰুপ চিত অন্তৰ্ভূক্ত খেলুৱৈয়ে লাভ কৰিব ১০ লাখকৈ টকা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us