/asomiyapratidin/media/media_files/2026/02/23/vcsdsxzxz-2026-02-23-20-32-17.jpg)
ডিজিটেল সংবাদ, হাওৰাঘাটঃ হাওৰাঘাট আঞ্চলিক বৈদিক বৈষ্ণৱ মহাসভাৰ উদ্যোগত আৰু হাওৰাঘাট নগৰ শাখাৰ আতিথ্যত আগন্তুক ১ মাৰ্চৰ পৰা ৮ মাৰ্চ, ২০২৬ (১৬ ফাগুনৰ পৰা ২৩ ফাগুন, ৫৭৭ শঙ্কৰাব্দ) লৈ ২৭ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু অখণ্ড ভাগৱত পাঠৰ আয়োজন কৰা হৈছে।
হাওৰাঘাটৰ শংকৰ মন্দিৰ নামঘৰত অনুষ্ঠিত হ’বলগীয়া এই ধৰ্মীয় অনুষ্ঠানত অখণ্ড ভাগৱত পাঠৰ লগতে বিভিন্ন আধ্যাত্মিক কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। এই উপলক্ষে আয়োজন কৰা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম বৈদিক বৈষ্ণৱ মহাসভাৰ সম্পাদক মণ্টু বৰা, বিশিষ্ট অতিথি হিচাপে মুখ্য উপদেষ্টা ললিত চন্দ্ৰ হাজৰিকা আৰু যোৰহাটৰ যুৱ বক্তা মাধুৰ্য বৰাই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ধৰ্মতত্ত্বৰ ওপৰত আলোকপাত কৰিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/23/whatsapp-image-2026-02-23-20-32-45.jpeg)
আয়োজক সমিতিয়ে অঞ্চলটোৰ সকলো ধৰ্মপ্ৰাণ ৰাইজক এই আধ্যাত্মিক অনুষ্ঠানত উপস্থিত থাকি ইয়াৰ সৌষ্ঠৱ বৃদ্ধি কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us