সদৌ অসম সাংবাদিক সন্থাৰ ২০২৬ বৰ্ষৰ সাংবাদিকতা বঁটা ঘোষণা : নৰেন বৰালৈ জীৱনজোৰা সাধনা বঁটা

অসমৰ সাংবাদিকৰ ক্ষেত্ৰখন জীপাল কৰি তোলা সাংবাদিক প্ৰফুল্ল চন্দ্ৰ বৰুৱা সোঁৱৰণী সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা আৰু সাংবাদিক ৰাধিকা মোহন ভাগৱতী, শ্বহীদ সাংবাদিক মাণিক দেউৰী আৰু সাংবাদিক হৰি বৰ্মণ সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰতিটো বৰ্ষতে সদৌ অসম সাংবাদিক সন্থা (আজু)য়ে প্ৰদান কৰি আহিছে ৷

author-image
Asomiya Pratidin
New Update
86

ডিজিটেল সংবাদ, তেজপুৰ : অসমৰ জাতীয় জীৱনৰ সত্তাক অগ্ৰাধিকাৰ দি সামাজিক দায়বদ্ধতা আৰু নীতিনিষ্ঠ সাংবাদিকতাৰে অসমৰ সাংবাদিকৰ ক্ষেত্ৰখন জীপাল কৰি তোলা সাংবাদিক প্ৰফুল্ল চন্দ্ৰ বৰুৱা সোঁৱৰণী সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা আৰু সাংবাদিক ৰাধিকা মোহন ভাগৱতী, শ্বহীদ সাংবাদিক মাণিক দেউৰী আৰু সাংবাদিক হৰি বৰ্মণ সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰতিটো বৰ্ষতে সদৌ অসম সাংবাদিক সন্থা (আজু)য়ে প্ৰদান কৰি আহিছে ৷

এইক্ষেত্ৰত সদৌ অসম সাংবাদিক সন্থা (আজু)ই চলিত বৰ্ষৰ বাবে বঁটা প্ৰদানৰ হেতু আজি আনুষ্ঠানিকভাৱে বঁটাসমূহ ঘোষণা কৰা হয় ৷ সেই অনুসৰি সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ তেজপুৰস্থ মুখ্য কাৰ্যালয়ত আজি অনুষ্ঠিত এক সংবাদমেলত উল্লিখিত বঁটাসমূহ ঘোষণা কৰি সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ সভাপতি পংকজ কুমাৰ নাথ,সাধাৰণ সম্পাদক নকুল তালুকদাৰে অৱগত কৰে।

তেওঁলোকে সংবাদমেলত কয় যে, এই বৰ্ষত সাংবাদিক প্ৰফুল্ল চন্দ্ৰ বৰুৱা সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা প্ৰবীণ সাংবাদিক তথা সাংবাদিক পেঞ্চনাৰ নৰেন বৰালৈ আগবঢ়োৱা হৈছে। একেদৰে সাংবাদিক ৰাধিকা মোহন ভাগৱতী সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়ালৈ আগবঢ়োৱা হৈছে।

শ্বহীদ সাংবাদিক মাণিক দেউৰী সোঁৱৰণী সাংবাদিকতা বঁটা ডি ৱাই ৩৬৫ ৰ মুখ্য সম্পাদক অদীপ কুমাৰ ফুকনলৈ আৰু সাংবাদিক হৰি বৰ্মন সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰান্তিকৰ কাৰ্যবাহী সম্পাদক ইমৰাণ হুছেইনলৈ আগবঢ়োৱা হৈছে। উল্লিখিত বঁটাসমূহ অহা ৯ মাৰ্চ ২০২৬ তাৰিখে সদৌ অসম সাংবাদিক সন্থা (আজু) ৰ উদ্যোগত আৰু বঙাইগাঁও জিলা সাংবাদিক সন্থাৰ সহযোগত বঙাইগাঁৱৰ অভয়াপুৰীত অনুষ্ঠিত হ’বলগীয়া এক বিশেষ বঁটা প্ৰদান অনুষ্ঠানত এই বঁটা সমূহ প্ৰদান কৰা হ’ব ৷

উল্লেখ্য যে ৯ মাৰ্চত এই বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰিব প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়াৰ সভাপতি সংগীতা বৰুৱা পিছাৰটিয়ে ৷ এইক্ষেত্ৰত উক্ত বঁটা প্ৰদান অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাত সকলো শ্ৰেণীৰ ৰাইজৰে সহায়-সহযোগিতা সদৌ অসম সাংবাদিক সন্থা (আজু)ই আন্তৰিকতাৰে কামনা কৰিছে ৷

আজিৰ সংবাদমেলখনত সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ সহকাৰী সম্পাদক মিন্টু হেমৰম, কাৰ্যালয় সম্পাদক অপূৰ্ব বৰা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ভগবান বৈশ্য, নিৰঞ্জন হাজৰিকা, বীৰেন কলিতা, দিব্যজ্যোতি নাথ উপস্থিত থাকে ৷

সাংবাদিক