/asomiyapratidin/media/media_files/2025/12/28/1-2025-12-28-11-57-05.jpg)
ডিজিটেল ডেস্কঃ গুৱাহাটীৰ গণেশগুৰিস্থিত ' Dr' Courtyard Hotel ত আজি অনুষ্ঠিত হয় অংকুৰম স্বেচ্ছ্যাসেৱী সংগঠনৰ বিশেষ সংবাদমেল। সংবাদমেলত ঘোষণা কৰা হয় ২০২৫ বৰ্ষৰ Ankuram Excellence Award। বিগত ৭ বছৰ ধৰি বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতাৰে কাম কৰি অহা ব্যক্তিসকলক এই সংগঠনে বঁটা প্ৰদান কৰি আহিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/28/whatsapp-image-2025-12-28-11-56-32.jpeg)
উল্লেখ্য যে, আজিৰ সংবাদমেলত Ankuram Excellence Award 2025 ৰ বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰে। ইপিনে জুবিন গাৰ্গৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ 'নিজৰ ঘৰ ' নামেৰে গৃহহীন লোকক ঘৰ প্ৰদানৰ এক কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা সংবাদমেলত উল্লেখ কৰে। আনপিনে সংবাদমেলত উপস্থিত থাকে- ড০ প্ৰতিশা বৰা (অধ্যক্ষ, অংকুৰম এন জি অ’), নুৰুল লস্কৰ (পি আৰ কনছালটেণ্ট), ৱাজিদ ৰেহমান (সচিব, এণ্টেনম নাও), আৰু দীপজ্যোতি বৈশ্য (অংকুৰম ন’ডি) ।
প্ৰণিধানযোগ্য যে, অংকুৰম উৎকৰ্ষ বঁটা-২০২৫ প্ৰাপকসকল হৈছেঃ-
আজীৱন কৃতিত্ব বঁটাঃ জুবিন গাৰ্গ
শিক্ষাবিদ: ড° বুলজীত বুঢ়াগোহাঁই
জনসেৱক: শ্ৰী ভূবন শইকীয়া
উদ্যোগীঃ সুভীৰ ঘোষ
চিনেমা: ভাইমন দা
চুটি ছবি: লাচিত দ্য ৱাৰিয়ৰ
অভিনেতা (পুৰুষ): বন্দীপ শৰ্মা
অভিনেত্ৰী (মহিলা): জুনু নাথ
গায়ক (পুৰুষ): আচুৰ্জ্য বৰপাত্ৰ
গায়িকা (মহিলা): সুবাসনা দত্ত
শ্ৰেষ্ঠ পৰিচালক: শশাংক সমীৰ
লেখিকা: ৰীতা চৌধুৰী
ক্ৰীয়াবিদ : উমা চেত্ৰী
লোকহিতৈষীঃ ৱাহিদুৰ ৰহমান
ইলেকট্রনিক মিডিয়া: News-18
ছপা মাধ্যমঃ দৈনিক জনমভূমি
জ্যেষ্ঠ সাংবাদিক: গৌতম শৰ্মা
নিৰ্ভীক সাংবাদিক: গলিবুৰ ৰহমান
কসমেটিক চিকিৎসকঃ ডাঃ ৰীমা মল্লিক
দন্ত চিকিৎসকঃ ডাঃ প্ৰদীশ্বৰ দৈমাৰী
জ্যোতিষী: Astrology Divine
স্বাস্থ্য খণ্ড (শিশু চিকিৎসক)- ডাঃ গোলাপ চন্দ্ৰ ডেকা
স্বাস্থ্য খণ্ড (নেফ্ৰ’লজী): ডাঃ অনুপ বৰ্মন
ইপিনে অংকুৰম স্বেচ্ছ্যাসেৱী সংগঠনে ঘোষণা কৰা বঁটাসমূহ অহা ২০২৬ বৰ্ষৰ ৫ ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত প্ৰদান কৰিব। লগতে সেই অনুষ্ঠানত জুবিন গাৰ্গক জনাব বিশেষ শ্ৰদ্ধাঞ্জলী। ইপিনে সেই অনুষ্ঠানতে তেওঁৰ স্মৃতিত অনুস্থিত কৰিব সাংস্কৃতিক অনুষ্ঠানো।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us