নগাঁৱত বটদ্ৰবা শৈলীৰে ৰুক্মিনী হৰণ প্ৰদৰ্শন...

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি অংকীয়া ভাওনাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এই প্ৰয়াস

author-image
Asomiya Pratidin
New Update
নগাঁৱত বটদ্ৰবা শৈলীৰে ৰুক্মিনী হৰণ প্ৰদৰ্শন...

ANKIYA BHAONA

ডিজিটেল সংবাদ, নগাঁওঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ৰুক্মিণী হৰণ অংকীয়া ভাওনা বুধবাৰে নিশা নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত প্ৰদৰ্শন কৰা হয়। নগাঁও জিলা আৰক্ষী প্ৰশাসনৰ পৃষ্ঠপোষকতাত বটদ্ৰবা শ্ৰী শ্ৰী নৰোৱা সত্ৰৰ উদ্যোগত আঙ্গিক নগাঁৱে ৰুক্মিণী হৰণ অংকীয়া ভাওনা প্ৰদৰ্শন কৰে। সম্পূৰ্ণ বটদ্ৰবা শৈলীৰে এই ভাওনা প্ৰদৰ্শিত হয়।

Advertisment

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি অংকীয়া ভাওনাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এই প্ৰয়াস কৰা হৈছে বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে। নৱ প্ৰজন্মক গুৰুজনাৰ সৃষ্টি ৰাজিৰ সৈতে পৰিচয় কৰি দিয়াটো এই ভাওনা প্ৰদৰ্শনৰ অন্যতম মুখ্য উদ্যেশ্য বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।

ভাওনা উদ্বোধন কৰি অসম চৰকাৰৰ ছাত্র আৰু যুৱ কল্যাণ সমিতিৰ সচিব গীতাৰ্থ গোস্বামীয়ে কয় যে গুৰু জনাৰ অমৰ সৃষ্টি এই অংকীয়া ভাওনাক বিশ্ব দৰবাৰলৈ নিয়াৰ বাবে প্ৰয়াস কৰাৰ লগতে অসমৰ নৱ প্ৰজন্মক ইয়াৰ প্ৰতি আকৰ্ষিত কৰিব লাগিব।ইয়াৰ বাবে ছাত্ৰ আৰু যুৱ কল্যাণ সমিতিয়ে সকলো সহযোগিতা আগবঢ়াব।

অনুষ্ঠানত নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰা,বটদ্ৰবা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদকদ্বয় ব্ৰজেন কাকতি, ইন্দ্ৰমোহন বৰুৱা ,নগাৱৰ উপ আৰক্ষী অধীক্ষক ত্ৰিদিৱ কুম্বাং আদি ভালে সংখ্যক বিশিষ্ট লোকে অংশগ্ৰহণ কৰে।

RUKMINI HARAN