/asomiyapratidin/media/media_files/2026/01/04/1-2026-01-04-12-28-57.jpg)
ডিজিটেল ডেস্কঃ অহা ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে মেৰাপানীৰ গান্ধীৰাম লইং ক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা শাখাৰ ৭৩ সংখ্যক বাৰ্ষিক অধিৱেশন। জিলা অধিৱেশনখনি সাফল্যমণ্ডিত কৰি তুলিবলৈ ইতিমধ্যেই ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে আয়োজক সমিতিয়ে। জিলাখনৰ সহস্ৰাধিক ভকত বৈষ্ণৱক আদৰিবলৈ এতিয়া দিনে নিশাই ব্যস্ত হৈ পৰিছে অভ্যৰ্থনা সমিতি।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/04/whatsapp-image-2026-01-04-12-27-04.jpeg)
এই উপলক্ষে মেৰাপানীৰ গান্ধীৰাম লইং ক্ষেত্ৰত পাঁচ শতাধিক ভকত বৈষ্ণৱৰ উপস্থিতিত সংঘৰ বাৰ্ষিক অধিৱেশনখনিৰ লাইখুঁটা স্থাপন কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা শাখাৰ সভাপতি গোলাপ শইকীয়াই লাইখুঁটা স্থাপন কৰাৰ পাছতে দৈয়াং আঞ্চলিক শাখা নামঘৰ প্ৰাঙ্গনত অনুষ্ঠানটোৰ মুকলি সভাখন অনুষ্ঠিত কৰে।
/asomiyapratidin/media/post_attachments/3f72a4f3-be1.png)
উল্লেখ্য যে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা শাখাৰ সম্পাদক পবিত্ৰ নাথে উদ্বোধন কৰা মুকলি সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে সংঘৰ শংকৰী সংস্কৃতি গৱেষণা পৰিষদৰ সভাপতি পবিত্ৰ প্ৰাণ বৰা। সভাখনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপ পদাধিকাৰ চন্দ্ৰ হাজৰিকা মুখ্য অতিথিৰূপে উপস্থিত থাকে। ইপিনে আদৰণি সমিতিৰ কাৰ্য্যকৰী সভাপতি পোনা বৰাই বাৰ্ষিক অধিবেশনখনিত সমূহ ভকত বৈষ্ণৱ সহিতে সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগিতা আৰু দিহা পৰামৰ্শৰ কামনা কৰিছে।
/asomiyapratidin/media/post_attachments/b7974cfc-867.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us