অঞ্জলি মহন চেতিয়ালৈ ২০২৫ বৰ্ষৰ মহীয়সী বঁটা...

সাহিত্য সৌৰভ বঁটা যুটীয়াভাবে বন্তি শেনচোৱা আৰু জুৰি শইকীয়ালৈ, সাহিত্য সম্পাদনা বঁটা অতনু ভট্টাচার্যলৈ, শিশু সাহিত্য বঁটা শান্তনু তামুলীলৈ, সৃষ্টি বৈভৱ সাহিত্য প্ৰেৰণা বঁটা যুটীয়াভাবে ৰত্না ৰংচেহনপী আৰু নীলাঞ্জনা পাচনিলৈ...

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ   আজি গুগুল মীট যোগে সন্ধিয়া ৬ বজাত অসম লেখিকা সমাজৰ এখন কার্যনির্বাহক সভা পদুমী গগৈৰ পৌৰোহিত্যত অনুষ্ঠিত হয়। সভাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচিত হয় আৰু সেই মর্মে সিদ্ধান্ত গ্রহণ কৰা হয়। অসম লেখিকা সমাজে আনবাৰৰ দৰে এইবাৰো প্রতিষ্ঠা দিৱসত কেইবাটাও শিতানত বঁটা প্রদান কৰিব।

অৰূপা বেথেল ৰংপি প্রদত্ত ন্যাসেৰে পুণ্যলতা শৰ্মা ৰংপি সোঁৱৰণি 'মহীয়সী' বঁটা আগবঢ়োৱা হৈছে মৰাণৰ অঞ্জলি মহন চেতিয়ালৈ। অসমৰ সমাজ জীৱনলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে তেখেতক এই সন্মানেৰে সন্মানিত কৰা হৈছে। আনহাতে যোগমায়া সন্দিকৈ শইকীয়া প্রদত্ত ন্যাসেৰে ভুৱেনেশ্বৰী গগৈ সোঁৱৰণি 'সাহিত্য সৌৰভ' বঁটা যুটীয়াভাৱে আগবঢ়োৱা হৈছে বন্তি শেনচোৱা আৰু জুৰি শইকীয়ালৈ।

সৃষ্টি বকুল বিনীতা শইকীয়া গগৈ প্রদত্ত ন্যাসেৰে শিক্ষাবিদ বকুল শইকীয়া সোঁৱৰণি 'সাহিত্য সম্পাদনা' বঁটা আগবঢ়োৱা হৈছে অতনু ভট্টাচার্যলৈ, দিনমণি ভাণ্ডাৰ কায়স্থ প্রদত্ত ন্যাসেৰে অনন্ত দেৱশৰ্মা সোঁৱৰণি 'শিশু সাহিত্য' বঁটা আগবঢ়োৱা হৈছে শান্তনু তামুলীলৈ আৰু অসম লেখিকা সমাজৰ প্ৰতিষ্ঠাপক সভাপতি পদুমী গগৈ প্রদত্ত ন্যাসেৰে 'সৃষ্টি বৈভৱ সাহিত্য প্ৰেৰণা' বঁটা আগবঢ়োৱা হৈছে ৰত্না ৰংচেহনপী আৰু নীলাঞ্জনা পাচনিলৈ।

 অসম লেখিকা সমাজৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আয়োজিত সাহিত্য প্রতিযোগিতাৰ ফলাফলো এই সভাতে ঘোষণা কৰা হয়। গল্পৰ শিতানত প্রথম- ৰূপজ্যোতি শইকীয়া ভূঞা, দ্বিতীয়- অঞ্জু শইকীয়া, তৃতীয় যুটীয়া ভাবে কমা শইকীয়া আৰু সবিতা বর্মন।

 কবিতা শিতানত প্রথম-ৰেখা বৰকটকী, দ্বিতীয়-প্রতিভা দেবী দস্তিদাৰ, তৃতীয় যুটীয়া ভাবে বনিতা নেওগ আৰু জেচমিন চুলতানা, প্রবন্ধ শিতানত প্রথম যুটীয়াভাবে মীৰা গোস্বামী, ডঃ কৰৱী দাস, দ্বিতীয় যুটীয়াভাবে মামু দুৱৰা আৰু নীতুমণি কলিতা, তৃতীয় যুটীয়াভারে অদিতি কোঁৱৰ, চুনুমা বৈশ্য, দিপালী হাজৰিকা। আনহাতে মুখপত্র / স্মৰণিকা প্রতিযোগিতাত প্রথম স্থান লাভ কৰে তামুলপুৰ জিলা লেখিকা সমাজৰ 'অণুভা' ই, দ্বিতীয় স্থান লাভ কৰে নলবাৰী জিলাৰ 'মনস্বিনী' আৰু তৃতীয় স্থান লাভ কৰে নাজিৰা আঞ্চলিক লেখিকা সমাজৰ 'সৃজনী'য়ে।

 বছৰটোৰ কৰ্ম খতিয়ান পর্যালোচনা কৰি শ্রেষ্ঠ জিলা হিচাপে যথাক্রমে ওদালগুৰি, ধেমাজি আৰু ধুবুৰী জিলা লেখিকা সমাজক নিৰ্বাচন কৰা হয়। সোঁৱৰণিসূচক বঁটা সমূহ অহা সাত নবেম্বৰত অসম লেখিকা সমাজৰ উদ্যোগত আৰু গোলাঘাট জিলা লেখিকা সমাজৰ সহযোগত ফৰকাটিঙস্থিত অমৰজ্যোতি ক্লাৱৰ প্ৰাংগণত উদ্যাপিত হ'ব লগীয়া চতুর্থ প্রতিষ্ঠা দিৱসৰ মধ্যাহ্নৰ মুকলি সভাত প্রদান কৰা হ'ব।

 লগতে অসম লেখিকা সমাজৰ মুখপত্র 'প্রজ্ঞা' আৰু গোলাঘাট জিলা লেখিকা সমাজৰ স্মৰণিকা 'সমন্বয়ৰ ধনশিৰি' উন্মোচন কৰা হ'ব। আনহাতে সাহিত্য প্রতিযোগিতাৰ পুৰস্কাৰ সমূহ পুৱাভাগত অনুষ্ঠিতব্য সতীর্থ সন্মিলনত প্রদান কৰা হ'ব। আজিৰ সভাখন আঁত ধৰে প্ৰধান সম্পাদক বর্ণালী দত্ত বৰাই।

অসম লেখিকা সমাজ