অসম ডনবস্কো বিশ্ববিদ্যালয়ত এনিমেচনৰ পাঠ্যক্ৰম মুকলি

অসম ডনবস্কো বিশ্ববিদ্যালয়ৰ গণসংযোগ বিভাগত চাৰি বছৰীয়া স্নাতক শৈক্ষিক যাত্ৰা ভাৰতৰ অন্যতম আগশাৰীৰ এনিমেচন কোম্পানী হাই-টেক এনিমেচনৰ সহযোগত প্ৰস্তুত কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
অসম ডনবস্কো বিশ্ববিদ্যালয়ত এনিমেচনৰ পাঠ্যক্ৰম মুকলি

অসম ডনবস্কো বিশ্ববিদ্যালয়ত এনিমেচনৰ পাঠ্যক্ৰম মুকলি

ডিজিটেল ডেস্ক সোণাপুৰঃ সোণাপুৰস্থিত অসম ডনবস্কো বিশ্ববিদ্যালয়ত বৃহস্পতিবাৰে উত্তৰপূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে এনিমেচন পাঠ্যক্ৰম মুকলি কৰা হয়। বিশ্ববিদ্যালয়খনৰ গণমাধ্যম বিভাগৰ তৎপৰতাত মুকলি হোৱা এই পাঠ্যক্ৰমৰ বিষয়ে অৱগত কৰে হাইটেক এনিমেচনৰ মুখ্য কাৰ্যবাহী বিষয়া আশীষ টপাৰ, চেলছ এণ্ড মাৰ্কেটিঙৰ ভিপি চন্দন বোস আৰু অধ্যাপিকা আপ্পনা চৌধুৰীয়ে।

Advertisment

অসম ডনবস্কো বিশ্ববিদ্যালয়ৰ গণসংযোগ বিভাগত এই চাৰি বছৰীয়া স্নাতক শৈক্ষিক যাত্ৰা ভাৰতৰ অন্যতম আগশাৰীৰ এনিমেচন কোম্পানী হাই-টেক এনিমেচনৰ সহযোগত প্ৰস্তুত কৰা হৈছে। এই কোম্পানীটো কাৰ্টুন নেটৱৰ্ক, প’গ, আৰু নিক’ল’ডিয়ানৰ দৰে নেটৱৰ্কৰ সৈতে কৰা কামৰ বাবে বিখ্যাত। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে, ছাত্ৰ-ছাত্ৰীসকলক এনে এক উদ্যোগমুখী শিক্ষা প্ৰদান কৰা যিয়ে শৈক্ষিক প্ৰশিক্ষণ আৰু পেছাদাৰী অনুশীলনৰ মাজৰ ব্যৱধান দূৰ কৰিব ।

বি.এছ.চি. এনিমেচনত এনিমেচনৰ কলাত্মক আৰু প্ৰযুক্তিগত দুয়োটা মাত্ৰাতে এক বিস্তৃত শিক্ষা প্ৰদান কৰিবলগীয়া পাঠ্যক্ৰমত 2D আৰু 3D এনিমেচন, গতি গ্রাফিক্স, ইউআই/ইউএক্স ডিজাইন আৰু Al-চালিত এনিমেচন সঁজুলিৰ দৰে বহুতো শাখা সামৰি ল'ব। এই শিক্ষাৰ জৰিয়তে বৰ্তমানৰ উদ্যোগৰ মানদণ্ড আৰু মনোৰঞ্জন, সংবাদ মাধ্যম আৰু টেকখণ্ডৰ বিকশিত ধাৰাসমূহৰ সৈতে ছাত্ৰ-ছাত্ৰী উপকৃত হ'ব।

ডনবস্কো বিশ্ববিদ্যালয়