সুকণ্ঠী গায়িকা অণিমা চৌধুৰীৰ গীত ‘অভিযাত্ৰী’ উন্মোচন

মাতৃৰ সৃষ্টিক যদি সন্তানে স-সন্মানে নকৈ সৃষ্টি কৰি মাতৃৰ উপস্থিতিত ৰাইজৰ বাবে উৎছৰ্গা কৰে, তেন্তে এই প্ৰাপ্তি হৈ পৰে মাতৃৰ বাবে অনন্য প্ৰাপ্তি। ধন্য হয় এগৰাকী মাতৃ। আৱেগিক হৈ পৰে সন্তানৰ এনে কৰ্ম দেখি। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
অভিযাত্ৰী

অভিযাত্ৰী

ডিজিটেল ডেস্ক : মাতৃৰ সৃষ্টিক যদি সন্তানে স-সন্মানে নকৈ সৃষ্টি কৰি মাতৃৰ উপস্থিতিত ৰাইজৰ বাবে উৎছৰ্গা কৰে, তেন্তে এই প্ৰাপ্তি হৈ পৰে মাতৃৰ বাবে অনন্য প্ৰাপ্তি। ধন্য হয় এগৰাকী মাতৃ। আৱেগিক হৈ পৰে সন্তানৰ এনে কৰ্ম দেখি। 

music
music

ড০ অণিমা চৌধুৰী। অসমীয়া সংগীত জগতৰ সমান্তৰালকৈ শৈক্ষিকক্ষেত্ৰৰো এটি চিনাকি নাম। তেওঁৰ গীত-মাতে মুগ্ধ কৰে শত সহস্ৰ শ্ৰোতা- দৰ্শকক। এইগৰাকী বৰেণ্য সংগীত শিল্পীৰ “অভিযাত্ৰী” শীৰ্ষক এটি গীত বৃহস্পতিবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত মুকলি কৰা হয়। সেই উপলক্ষে বৃহস্পতিবাৰে উজান বজাৰস্থিত শ্বহীদ ন্যাসত গীতটিৰ মুকলি অনুষ্ঠানৰ আয়োজন কৰা হয়।

gautam sarma
gautam sarma

প্ৰাচ্য আৰু পাশ্চাত্য সংগীতৰ মিলনেৰে সজাই তোলা অভিযাত্ৰী শীৰ্ষক গীতটি মুকলি কৰে জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মা আৰু চিন্তাবিদ ময়ূৰ বৰাই। এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে এই গীতটিৰ পূৰ্বৰ সংগীত আছিল পূৰন্দৰ বড়োৰ। এই একেটাই গীত নতুনকৈ প্ৰাচ্য আৰু পাশ্চাত্য সংগীতৰ সংযোজন ঘটাই সজাই তুলিছে অণিমা চৌধুৰীৰ পুত্ৰ প্ৰীতম চৌধুৰীয়ে। 

mayur borah
mayur borah

গীতটি প্ৰযোজনা কৰিছে ফিল্মস্পাইয়াৰ-ডি নামৰ সংস্থাটোৱে। এই গীতৰ সংগীত সৃষ্টিত আন এগৰাকী শিল্পী হৈছে ইটালিয়ান সংগীতজ্ঞ মাউৰো কোলানগেলো। প্ৰীতম আৰু মাউৰোৰ যুটীয়া সংগীত ব্যৱস্থাপনাৰে নতুনকৈ ড০ অণিমা চৌধুৰীৰ কণ্ঠত বাণীবদ্ধ কৰা হৈছে “অভিযাত্ৰী“ শীৰ্ষক গীতটি।

kamal chaudhury
kamal chaudhury

গীতটি মুকলি কৰি জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই কয়- বিদেশত থাকি প্ৰীতম চৌধুৰীয়ে যিটো গান পুনৰ সৃষ্টি কৰিলে তাত পশ্চিমীয়া গোন্ধ পোৱা যায়। তথাপি এই গীতটিত মূল গোন্ধটো হৈছে ৰূপক। সপ্তসুৰৰ সমাহাৰে গীতটিক অনন্য মাত্ৰা প্ৰদান কৰিছে। কলাগুৰুৰ অন্যতম সৃষ্টি “নাহৰ ফুলে নুশুৱাই…” গীতটি গুণগুণাই গৌতম শৰ্মাই অভিযাত্ৰী শীৰ্ষক গীতটিৰ সংগীত সম্পৰ্কত মন্তব্য কৰে। লগতে তেওঁ গীতটিৰ গায়কী প্ৰশংসা কৰি অণিমা চৌধুৰীহঁতৰ দৰে শিল্পীয়ে অসমীয়া সংগীত জীয়াই ৰখা বুলি মন্তব্য কৰে।

pritam
pritam

ইফালে আনগৰাকী উন্মোচক ময়ূৰ বৰাই অভিযাত্ৰী উপন্যাসৰ প্ৰসংগ টানি অভিযাত্ৰী গীতটিৰ সন্দৰ্ভত মন্তব্য কৰে। যিখন উপন্যাসে অসমীয়া সাহিত্যক এক অন্য মাত্ৰা প্ৰদান কৰিছিল সেই একে নামৰ এই গীতটিয়েও অভিযাত্ৰী নামটোক অন্য মাত্ৰা প্ৰদান কৰিব বুলি মন্তব্য কৰে। লগতে তেওঁ গীতটি আৰু গীতটিৰ সৈতে জড়িত আটাইকে উচ্চ প্ৰশংসা কৰে।

public
public

উল্লেখযোগ্য যে আজিৰ এই অনুষ্ঠানত ড০ অণিমা চৌধুৰীৰ লগতে স্বামী কমল চৌধুৰী, পুত্ৰ প্ৰীতম চৌধুৰী আৰু ৱোৱাৰীয়েকেও গীতটিৰ সন্দৰ্ভত কেতবোৰ মন্তব্য কৰে। আনহাতে এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত সংগীত শিল্পী পূৰন্দৰ বড়ো, সংগীতা কাকতি, মালবিকা বৰাকে প্ৰমূখ্য কৰি ভালেকেইগৰাকী অভ্যাগত উপস্থিত থাকে।

anima chaudhury
anima chaudhury

গুৱাহাটী লোক সংগীত