ভাষাৰ হকে প্ৰাণ দিয়া অনিল বৰাৰ আজি স্মৃতি দিৱস...

author-image
Asomiya Pratidin
New Update
ভাষাৰ হকে প্ৰাণ দিয়া অনিল বৰাৰ আজি স্মৃতি দিৱস...

anil bora

ডিজিটেল ডেস্কঃ আজি ৭ অক্টোবৰ। আজিৰ দিনটোতে অসমীয়া ভাষাৰ হকে আত্মবলিদান দিছিল নগাঁৱৰ ছাত্ৰ নেতা অনিল বৰাই । ১৯৭২ চনৰ মাধ্যম আন্দোলনৰ অন্যতম ছহিদ আছিল অনিল বৰা।

Advertisment

সেই সময়ৰ নগাওঁ কলেজৰ সম্পাদক অনিল বৰাৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ হৈছিল হোজাইৰ নন্দালালপুৰৰ ডিমৰু নদীৰ পাৰত। ৭ অক্টোবৰৰ পৰা সন্ধানহীন হোৱা ছাত্ৰ নেতা অনিল বৰাৰ মৃতদেহ সম্পূৰ্ণ ১০ দিনৰ অন্তত ১৭ অক্টোবৰত মুণ্ডহীন ভাৱে উদ্ধাৰ হৈছিল ডিমৰুৰ পাৰত।

আজিও উদ্ধাৰ নহ'ল অনিল বৰাৰ সেই মুণ্ড। তেনেদৰেই চিৰ দিনৰ বাবে নগাঁৱৰ পুৰণি সাহিত্য সভা ভৱনৰ চৌদহত শুই পৰিল অনিল বৰা। অসমীয়া ভাষা জননীৰ হকে প্ৰাণ আহুতি দিয়া এইগৰাকী ছাত্ৰ নেতাৰ মৃত্যু দিৱসত শ্ৰদ্ধাৰে সোঁৱৰিছে বিভিন্ন জনে।

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ছহিদ অনলি বৰাৰ স্মৃতি দিৱসত তেওঁ লৈ শ্ৰদ্ধা জনাই টুইটাৰত লিখিছে এইদৰে- ''জাতিৰ নিজস্ব স্বকীয়তা আৰু ভাষা জননীৰ সুৰক্ষাৰ হকে ১৯৭২ চনৰ মাধ্যম আন্দোলনত আত্মোৎসৰ্গা কৰা ছাত্ৰ নেতা অনিল বৰাৰ আজি মৃত্যুদিৱস।শ্বহীদগৰাকীৰ ত্যাগ অসমৰ বাবে, প্ৰত্যেকজন অসমীয়াৰ বাবে চিৰস্মৰণীয় হৈ ৰৱ। আজিৰ এই দিনটোত বীৰজনাক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।''

assam anil bora