তেজপুৰত ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকা : বিশেষ শ্ৰেণীৰ মাজত চলি আছে বাল্য বিবাহ

মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই যেতিয়াৰ পৰা অসমত বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহন কৰিছে, তেতিয়াৰ পৰাই যথেষ্ট কমিছে যদিও কিছুমান জিলাত আৰু নিৰ্দিষ্ট থানা এলেকাত বাল্য বিবাহ এতিয়াও চলি আছে। কোকৰাঝাৰত অপহৰণৰ ঘটনা সৰ্বাধিক।

author-image
Asomiya Pratidin
New Update
443

ডিজিটেল সংবাদ, তেজপুৰ : মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই যেতিয়াৰ পৰা অসমত বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহন কৰিছে, তেতিয়াৰ পৰাই যথেষ্ট কমিছে যদিও কিছুমান জিলাত আৰু নিৰ্দিষ্ট থানা এলেকাত বাল্য বিবাহ এতিয়াও চলি আছে। কোকৰাঝাৰত অপহৰণৰ ঘটনা সৰ্বাধিক।

ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকাই মঙলবাৰে তেজপুৰত এইদৰে কয়। উল্লেখ্য যে মহিলা আয়োগৰ অধ্যক্ষা তথা প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ উপস্থিতিত আজি তেজপুৰত শোণিতপুৰ জিলা আয়ুক্তৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।

সেই অনুসৰি মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকাই শোণিতপুৰৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ লগতে জ্যেষ্ঠ আৰক্ষী বিষয়াসকলৰ সৈতে শিশু, যুৱতী আৰু নাৰী নিৰ্যাতনৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশবোৰৰ বিষয়েও বিতংভাৱে পৰ্যালোচনা কৰে। লগতে ১৩ডিচেম্বৰত শোণিতপুৰ জিলালৈ আহিবলগীয়া ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ বিজয়া কিশোৰ ৰাহাতকাৰ দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীকলৈয়ো সভাত বিশেষভাৱে আলোচনা কৰে।

আনহাতে সভাৰ পিছত মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকাই সাংবাদিকৰ আগত কয়- মই এতিয়ালৈকে কোকৰাঝাৰ, বৰপেটা, গোলাঘাটকে ধৰি এঘাৰখন জিলালৈ গৈছোঁ আৰু তাৰ ভিতৰত কোকৰাঝাৰত অপহৰণৰ ঘটনা সৰ্বাধিক বেছি। ইয়াৰ সমান্তৰালকৈ গোলাঘাটত বাল্য বিবাহৰ ঘটনা বেছি হৈছে যদিও অসমৰ জিলা আৰু অঞ্চলৰ বিপৰীতে সমস্যাও বেলেগ বেলেগ।

সেই গতিকেই আমি ঠায়ে ঠায়ে বাইক ৰেলী আৰম্ভ কৰিছো। তেওঁ কয়- শিশু, যুৱতী, মহিলাৰ ওপৰত চলা অত্যাচাৰ উৎপীড়ণৰ ঘটনাক লৈ সকলোকে সজাগ কৰিব লাগিব আৰু মই ভাবো অকল মহিলাসকলক সজাগ কৰিলেই সমস্যাৰ সমাধান নহ'ব,পুৰুষ আৰু মহিলাক সমান্তৰালভাৱে সজাগ কৰিব লাগিব।

ইয়াৰোপৰি ডেকাই কয়- এটা বিশেষ শ্ৰেণীৰ মাজত খুব বেচিকৈ এনেধৰণৰ ঘটনা সংঘটিত হয়। মই যেতিয়া বটদ্ৰৱা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছিলোঁ আৰু তেতিয়া দুটা ব্লকৰ ভিতৰত এটাত বেছি হোৱা দেখিছিলোঁ। তদুপৰি এটা ব্লকত এই বিষয়ত গোচৰ বহুত বেছি থাকে আৰু আনটো ব্লকত কম থাকে, গতিকে ঠাই বিশেষে গোচৰবোৰ বেলেগ বেলেগ ধৰণে হয়।

WhatsApp Image 2025-12-09 at 7.51.57 PM

সেই মতে গোলাঘাটলৈ গ'লে বেলেগে ধৰণৰ গোচৰ পাব আৰু কোকৰাঝাৰলৈ গ'লে বেলেগ পাব। লগতে ডেকাই সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত কয়- মই যি দেখা পাইছো অসমত এতিয়াও বাল্য বিবাহ বহুত বেছি হৈ আছে, এইক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কঠোৰ পদক্ষেপ লোৱাৰ পিছৰে পৰা সকলো যথেষ্ট সজাগ আৰু সচেতন হৈছে যদিও তেওক বহুতে বহু সমালোচনা কৰিছিল।

ইফালে আওপকীয়াকৈ লাভ জেহাদৰ সন্দৰ্ভত তেওঁ কয়- কিছুমানে নিজৰ প্ৰকৃত নাম লুকুৱাই ভাল পাই লৈ গুচি যায়। এনেধৰণৰ কাৰ্যকলাপ কোকৰাঝাৰত বহুত বেছি হৈ থকাৰ বিপৰীতে বৰপেটাত মাৰপিট তথা তেনেধৰণৰ ঘটনাবোৰ হৈ আছে।

আমাৰ মৰমৰ জুবিনদাক হেৰুওৱাৰ পিছৰে পৰা আমাৰ জীৱনটো একেবাৰে নিৰস হৈ গৈছে আৰু আগতে যি উদ্যম আছিল সেয়াও যেন নোহোৱা হৈ গৈছে। জুবিনদাই আমাক বহু কথাই শিকাই থৈ গৈছে,কাৰ জীৱনত কেতিয়া কি হয় সেয়া কোনেও নাজানে। মই ভাবোঁ যে জুবিনদাই ৰাইজৰ কাৰণে যি যি সেৱা কৰিছিল আৰু য'ত যি আধৰুৱা হৈ ৰ'ল, সেইখিনি আমি পূৰণ কৰিব লাগে।

গতিকে মই বহুত বেছি পৰিকল্পনা আগতেও কৰা নাছিলো, এতিয়াও কৰা নাই আৰু ভৱিষ্যতেও নকৰো । যেতিয়াই যি পাইছো সেইখিনি এশ শতাংশই কৰিব লাগে। মহিলা আয়োগ বুলি সম্পূৰ্ণ উত্তৰ -পূৰ্বাঞ্চলতে কোনো সজাগতা নাই । তেওঁ লগতে কয়- যদি, কিন্ত, পৰন্তুৰ কোনোধৰণৰ সমাধান নাই আৰু উত্তৰ নাই । আজি যি আছে সেই আজিক লৈয়ে আমি চলিব লাগিব।

তেওঁ লগতে কয় ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ বিজয় ৰাহাতে ১৩ ডিচেম্বৰত দিনযোৰা কাৰ্যসূচীৰে শোণিতপুৰ জিলা ভ্ৰমণ কৰিব আৰু বিভিন্ন অনুষ্ঠানৰ সৈতে গুৰুত্বপূৰ্ণ দিশবোৰৰ ওপৰত আলোচনা কৰাৰ লগতে সকলো বুজ ল'ব। এইক্ষেত্ৰত অধ্যক্ষা আঙুৰলতা ডেকাই ৰাজ্যিক মহিলা আয়োগৰ তৰফৰ পৰা তৎকালে যোগাযোগ কৰিবৰ কাৰণে ৯৪৩৫১ ৯৬২৬৩ ফোন নম্বৰটো মুকলি কৰা বুলি জানিবলৈ দিয়ে। এই নম্বৰত ঘটনাৰ বিষয়ে অৱগত কৰিব পাৰিব।

তেজপুৰ