"বিশ্বাস যাত্ৰা"ৰ অংশস্বৰূপে আজি ওদালগুৰিত উপস্থিত আঙুৰলতা ডেকা

কোনো ভুক্তভোগী মহিলাই ন্যায়ৰ বাবে আৰক্ষী থানালৈ যাবলে ভয় শংকা কৰিলে তেখেতে পোনে পোনে মহিলা আয়োগত গোচৰ দিয়াব পাৰে। ঘৰুৱা হিংসা, নিৰ্যাতনকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত আমি আয়োগে কাম কৰি আছো।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ওদালগুৰিঃ  অসম ৰাজ্যিক মহিলা আয়োগৰ উদ্যোগত চলি থকা "বিশ্বাস যাত্ৰা"ৰ অংশস্বৰূপে আজি ওদালগুৰিত উপস্থিত হয় অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকা। তেখেতে ওদালগুৰি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সজাগতা সভাত উপস্থিত হৈ আশাকৰ্মী, অংগনৱাড়ী কৰ্মী, নাৰী আদালতকে ধৰি বিভিন্ন শাখাৰ সৈতে সজাগতা চলায়।

WhatsApp Image 2025-12-23 at 7.14.11 PM

 তেখেতে কয়, মহিলাসকলৰ সুৰক্ষাৰ বাবে ৰাজ্যত মহিলা আয়োগ আছে। প্ৰতিগৰাকী মহিলাক সুৰক্ষা তথা আইনী সহযোগিতাৰ বাবে এই আয়োগে কাম কৰি আছে। আমি ৰাজ্যৰ প্ৰতিখন জিলাতে এই আয়োগৰ শাখাসমূহ অধিক শক্তিশালী কৰি আহিছো। কোনো ভুক্তভোগী মহিলাই ন্যায়ৰ বাবে আৰক্ষী থানালৈ যাবলে ভয় শংকা কৰিলে তেখেতে পোনে পোনে মহিলা আয়োগত গোচৰ দিয়াব পাৰে। ঘৰুৱা হিংসা, নিৰ্যাতনকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত আমি আয়োগে কাম কৰি আছো।

লগতে তেখেতে মহিলা সম্পৰ্কীয় যিকোনো সমস্যাৰ বাবে ১৮১ নম্বৰত ফোন কৰাৰ বাবে আহ্বান জনায়। আজিৰ এই সজাগতা সভাত অধ্যক্ষ আঙুৰলতা ডেকাই বহুবিৱাহ বন্ধৰ বিধেয়ক সন্দৰ্ভতো আলোচনা কৰে। ইফালে ওৱান ষ্টপ চেণ্টাৰ সন্দৰ্ভত আলোচনা কৰি এনেবোৰ চেণ্টাৰৰ দ্বাৰা মহিলাক কাউঞ্চিলিঙৰ লগতে চিকিৎসা সেৱা তথা ন্যায় সাহাৰ্য আগবঢ়োৱাৰ কথাও উল্লেখ কৰে।

WhatsApp Image 2025-12-23 at 7.14.12 PM

আনহাতে চলকাৰে মহিলাসকলৰ বাবে লোৱা আচনি সমূহ মহিলাসকলে সঠিকভাৱে লাভ কৰিছেনে নাই সেই সন্দৰ্ভতো মহিলা আয়োগে কাম কৰি থকা বুলি উল্লেখ কৰে। এই সজাগতা অনুষ্ঠানত উপস্থিত থাকে 'অসম গৌৰৱ' মীনাক্ষী দাস, অসম ৰাজ্যিক মহিলা আয়োগৰ সদস্যা নীলিমা ব্ৰহ্ম, মহিলা আয়োগৰ সদস্য সচিব অন্তৰা গগৈ, ওদালগুৰি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু ওদালগুৰিৰ বিভিন্ন ক্ষেত্ৰত সক্ৰিয়তাৰে সেৱা আগবঢ়াই অহা আইমাতৃ তথা বিভিন্ন প্ৰান্তৰ পৰা অহা মহিলাসকল।

আঙুৰলতা ডেকা