সামাজিক মাধ্যমত ক্ষুব্ধ গৰিমাঃ স্বামীক ন্যায় প্ৰদানৰ দাবীৰে পুনৰ ফেচবুক প’ষ্ট...

জুবিন গাৰ্গৰ মৃত্যুৰ সমগ্ৰ তদন্তত প্ৰশাসন বা চৰকাৰে যিদৰে গোপনীয়তা বজাই ৰাখিছে, তেনেস্থলত সামাজিক মাধ্যমত জুবিনৰ ভুৱা মৰণোত্তৰ প্ৰতিবেদন ভাইৰেল হোৱা কাৰ্য্যক ধিক্কাৰ দিয়ে একাংশই।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  জুবিন গাৰ্গৰ মৃত্যুৰ ২৬ দিন উকলিল। আজি পৰ্যন্ত পোহৰলৈ নাহিল প্ৰাণৰ শিল্পী গৰাকীৰ মৃত্যুৰ আঁৰৰ ৰহস্য। জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিদিনে যুঁজ দিছে গৰিমা শইকীয়াৰ লগতে তেওঁৰ পৰিয়ালে।

2

এফালে জুবিনক হেৰুৱাৰ শোক, আনফালে স্বামীক ন্যায় প্ৰদানৰ যুঁজ! বুধবাৰে পুৱতি নিশা পুনৰ জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি ক্ষুব্ধ হৈ পৰে গৰিমা শইকীয়া গাৰ্গ। সামাজিক মাধ্যমত তেওঁ লিখে যে "একো বুজা নাই। ইমান ৰহস্য অথচ একো গোপনীয়তাও নাই, ৰাজহুৱা কৰা নাই অথচ সকলোৱে গম পায়। "

2

লগে লগে সামাজিক মাধ্যমত একাংশই গৰিমাৰ পোষ্টত সমৰ্থন জনায়। তেওঁলোকে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা প্ৰতিদিনে ৰহস্যৰ মাজত সোমাই যোৱা বুলি উল্লেখ কৰা লগতে জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ভাইৰেল হোৱা সন্দৰ্ভত ক্ষোভ উজাৰে।

দৰাচলতে জুবিন গাৰ্গৰ মৃত্যুৰ সমগ্ৰ তদন্তত প্ৰশাসন বা চৰকাৰে যিদৰে গোপনীয়তা বজাই ৰাখিছে, তেনেস্থলত সামাজিক মাধ্যমত জুবিনৰ ভুৱা মৰণোত্তৰ প্ৰতিবেদন ভাইৰেল হোৱা কাৰ্য্যক ধিক্কাৰ দিয়ে একাংশই।

2

তাৰোপৰি জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এছ আই টিয়ে ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে বৈঠকত মিলিত হোৱা কাৰ্যকো সমালোচনা কৰে। ঘটনাৰে জড়িত প্ৰতিটো তথ্য এছ আই টিয়ে অতি গোপনভাৱে ৰখাৰ সিদ্ধান্ত লৈছে সেই সময়ত ৰাইজৰ একাংশ প্ৰতিনিধিক মাতি এনেদৰে আলোচনাত বহাৰ যুক্তিযুক্ততা ক'ত বুলিও প্ৰশ্ন কৰিছে একাংশই।

এছ আই টিৰ সৈতে আলোচনাত মিলিত হোৱা বিশিষ্ট ব্যক্তি সকলে কিছু তথ্য প্ৰকাশ কৰিব নোৱাৰো বুলিও সাংবাদিকৰ আগত মন্তব্য কৰা পাছতে এই সমগ্ৰ তদন্ত প্ৰক্ৰিয়াৰ গোপনীয়তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে।

অৱশ্যে SIT ৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই ভাইৰেল হোৱা মৰণোত্তৰ প্ৰতিবেদনৰ কোনো ভিত্তি নাই বুলি স্পষ্ট কৰে যদিও এনেধৰণৰ ঘটনা সমূহে প্ৰশ্চয় পোৱা লৈ ক্ষুব্ধ হৈ পৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। 

উল্লেখ্য যে, কিছু দিন পূৰ্বে সমাধিক্ষেত্ৰৰ পৰাই কান্দি কান্দি স্বামীৰ বাবে ন্যায় বিচাৰিছিল গৰিমাই। অসমবাসীক সামাজিক মাধ্যমত #JusticeforZubeenGarg লিখি ন্যায়ৰ দাবী কৰা গৰিমাই কেতিয়াবা যদি জুবিনৰ স্মৃতিত আৱেগিক পোষ্ট দিছে কেতিয়াবা আকৌ শেহতীয়া কৰ্মকাণ্ডক লৈ প্ৰকাশ কৰিছে ক্ষোভ।

3

গৰিমা শইকীয়া গাৰ্গ গৰিমা গাৰ্গ