অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সংবাদমেল,মাননীৰ পৰিবৰ্তে মজুৰিৰ দাবী…

অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সংবাদমেল,মাননীৰ পৰিবৰ্তে মজুৰিৰ দাবী…

author-image
asomiyapratidin
New Update
অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সংবাদমেল,মাননীৰ পৰিবৰ্তে মজুৰিৰ দাবী…

ডিজিটেল সংবাদ,মাৰ্ঘেৰিটাঃ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই মাৰ্ঘেৰিটা নগৰৰ চেগুনবাৰী প্রাথমিক বিদ্যালয়ত এক সংবাদমেল সম্বোধন কৰে | সমিতিৰ সম্পাদিকা ভাৰতী বৰগোহাঁই, সাংগঠনিক সম্পাদিকা দিপালী গগৈ বৰুৱা , মাৰ্ঘেৰিটা প্রকল্প সমিতিৰ সহ সম্পাদিকা মনিকা শইকীয়া আৰু কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থকা সংবাদমেলত অংগনবাড়ী কৰ্মী সহায়িকা সকলক বৰ্তমান যি মাননী দি আছে সেইয়া অতি নগন্য বুলি উল্লেখ কৰি মাননীৰ পৰিবৰ্তে মজুৰি দিয়াৰ দাবী জনায়|

Advertisment

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ তুলনা যি সামান্য মাননী চৰকাৰে দি আছে তাৰে পৰিয়াল ভৰণ পোষন দিয়া কঠিন হৈ পৰা বুলি অভিযোগ কৰে | তাৰ বিপৰীতে অংগনবাড়ী কৰ্মী সকলৰ কামৰ বোজা দিনে দিনে বৃদ্ধি কৰা বুলি অভিযোগ কৰি কয় যে অতি শীঘ্রে ইয়াক বৃদ্ধি কৰিব লাগে | অন্যহাতে চলিত বছৰত অৱসৰ দিয়া অংগনবাড়ী কৰ্মী সহায়িকা সকলৰ পেঞ্চন আৰু চৰকাৰে ঘোষনা কৰা অংগনবাড়ী কৰ্মীৰ চাৰি লাখ আৰু সহায়িকাৰ দুই লাখ টকা শীঘ্রে মোকলাই দিয়া ব্যৱস্থা কৰাৰো আহ্বান জনায় |