/asomiyapratidin/media/media_files/2025/08/18/ujjddd-2025-08-18-10-27-59.jpg)
ডিজিটেল ডেস্কঃ জন্মাষ্টমী উপলক্ষে এইবাৰ বাংলাদেশত ওলাব ৰে'লী। দেশখনত বহু বছৰ ধৰি বন্ধ হৈ থকা এই ৰে'লী পুনৰ আৰম্ভ কৰাৰ কথা সদৰি কৰিছে বাংলাদেশৰ সেনা প্ৰধান গৰাকীয়ে। জেনেৰেল ৱাকাৰ উজ জামানে বাংলাদেশৰ সংখ্যালঘু সকলো হিন্দুক জন্মাষ্টমীৰ শুভেচ্ছা জ্ঞাপন কৰি শান্তি আৰু সম্প্ৰীতিৰে এই উতসৱটি পালনৰ বাবে আহ্বান জনায়।
বাংলাদেশৰ সেনা প্ৰধান গৰাকীয়ে কয় যে, সকলো ধৰ্ম মানুহ সমিলমিলেৰে থাকিব লাগে। এটা ধৰ্মৰ লোকে আন ধৰ্মক উচিত মৰ্যদা আৰু সন্মান প্ৰদৰ্শন কৰিব লাগে। তেওঁ কয়- বাংলাদেশ এনে এখন দেশ যত প্ৰতিটো ধৰ্মৰ লোকে বাস কৰে। এই ভাতৃত্ববোধক চিৰদিনৰ বাবে সংৰক্ষণ কৰি ৰখাৰ দায়িত্ব আমাৰ সকলোৰে।
বাংলাদেশ সেনা প্ৰধান গৰাকীয়ে লগতে কয় যে, জন্মাষ্টমীৰ সময়ত ঢাকাত এটা ৰে'লী বাহিৰ কৰা হৈছিল। কিন্তু ভিন্ন পৰিস্থিতিত এই ৰে'লী বন্ধ হৈ আছে। কিন্তু এইবাৰৰ পৰা এই ৰে'লী পুনৰ বাহিৰ কৰা হ'ব। তাৰ বাবে যি সহায় কৰিব লাগে, আমি কৰিবলৈ প্ৰস্তুত।