/asomiyapratidin/media/media_files/2025/07/09/350-2025-07-09-17-04-53.jpg)
ডিজিটেল সংবাদ, মথুৰাপুৰ : ট্ৰেড ইউনিয়নৰ যৌথ মঞ্চই আহ্বান জনোৱা দেশজোৰা ধৰ্মঘট প্ৰতি সমৰ্থন জনাই বুধবাৰে চৰাইদেউ জিলা মথুৰাপুৰত অংগণবাড়ী কৰ্মীসকলে ৰাজপথ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে ৷
উল্লেখ যে, শ্রম সংহিতা আৰু ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণৰ নীতি বাতিল কৰা, ঠিকা শ্রমিকসহ সকলো শ্ৰমিকৰ ন্যূনতম মজুৰি মাহিলী ২৬,০০০ টকা ঘোষণা কৰা,আঁচনিভুক্ত কৰ্মচাৰীক মাননিৰ সলনি মজুৰি দিয়া,মটৰ শ্ৰমিকৰ কল্যাণ আঁচনি ৰূপায়ণ নিশ্চিত কৰা, চাহ শ্ৰমিকৰ দিন হাজিৰা ৬৬১ টকা ধাৰ্য কৰা আৰু নির্মাণ শ্রমিক কল্যাণ পৰিষদৰ স্বকীয়তা ৰক্ষা কৰা ইত্যাদি দাবীত অংগণবাড়ীসকলে মথুৰাপুৰত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।
ইফালে সমগ্ৰ দেশজুৰি ট্ৰেড ইউনিয়নৰ যৌথ মঞ্চই আহ্বান বন্ধ ফলত অঞ্চলটোৰ যান বাহন চলাচল বন্ধ হোৱাৰ লগতে দোকান পোহাৰ বন্ধ হোৱা পৰিলক্ষিত হৈছে ৷