গুৱাহাটীত অনুষ্ঠিত হ'ব এনাচথেচিয়া চিকিৎসকৰ সন্মিলন

অহা ইংৰাজী ৭ আৰু ৮ মাৰ্চত দুদিনীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হ'ব উত্তৰ পূৱ ভাৰতৰ সাতখন ৰাজ্যৰ এনাচথেচিয়া চিকিৎসকৰ সন্মিলন

author-image
Asomiya Pratidin
New Update
214

ডিজিটেল সংবাদ, গুৱাহাটী : অহা ইংৰাজী ৭ আৰু ৮ মাৰ্চত দুদিনীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হ'ব উত্তৰ পূৱ ভাৰতৰ সাতখন ৰাজ্যৰ এনাচথেচিয়া চিকিৎসকৰ সন্মিলন । এনাচথেচিয়াৰ এই সপ্তম আঞ্চলিক অধিৱেশনখনত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় পাঁচ শতাধিক এনাচথেচিয়া চিকিৎসক সমবেত হ'ব ।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত হ'বলগীয়া এই আঞ্চলিক অভিৱৰ্তনৰ বাবে যাৱতীয় প্ৰস্তুতি পূৰ্ণগতিত চলাই আছে গুৱাহাটী মহানগৰ এনাচথেচিয়া সমিতিয়ে । ইতিমধ্যে অধিৱেশনখনস্থলী  সজাই পৰাই তোলাৰ কাম চলাই থকা হৈছে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ এ চি বৈশ্য, এনাচথেচিয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক তথা এনাচথেচিয়া বিশেষজ্ঞ ডাঃ অজিত ডেকা, এনাচথেচিয়াৰ মুৰব্বী অধ্যাপক ডাঃ ৰাজীৱ হাজৰিকা প্ৰমূখ্যে বহু গণ্য মান্য এনাচথেচিয়া বিশেষজ্ঞৰ লগতে গুৱাহাটী AIIMS ৰ বিশেষজ্ঞৰ চিকিৎসক উদযাপন সমিতিত জড়িত আছে । ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহু কেইগৰাকী বিশিষ্ট অধ্যাপক,  এনাচথেচিয়া বিশেষজ্ঞ অনুষ্ঠানটোত ভাগ ল'বহি।  

WhatsApp Image 2026-03-03 at 4.43.40 PM

অনুষ্ঠানৰ আগত ৬মাৰ্চ তাৰিখে কৰ্মৰত এনাচথেটিষ্ট আৰু PG student ৰ বাবে দিনজোৰা কাৰ্যসূচীৰে ৫ টা বিভিন্ন বিষয়ত এলানি কৰ্মশালাৰ ব্যৱস্থাপনা কৰা হৈছে । উদযাপন সমিতিৰ সম্পাদক বিশিষ্ট চিকিৎসক ডাঃ অৰুণ ডেকাই জনোৱা মতে ইতিমধ্যেই অভিলেখ সংখ্যক পঞ্জীয়ন সম্পন্ন হৈছে  আৰু ব্যাপক সঁহাৰি লাভ কৰিছে ।

তেখেতে এনাচথেচিয়াৰ লগত জড়িত সংশ্লিষ্ট সকলো পক্ষ,  বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আদিক উত্তৰ পূৰ্বাঞ্চলৰ এই বৃহত্তম শৈক্ষিক সমাৰোহ খন সুকলমে আয়োজিত কৰাৰ বাবে দিহা পৰামৰ্শ আৰু সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে। এনাচথেচিয়া বিভাগৰ বাহিৰেও গুৱাহাটীৰ চিকিৎসাৰ লগত জড়িত বিভিন্ন বিভাগৰ লোকও অনুষ্ঠানটোৰ বাবে উৎসাহেৰে অপেক্ষা কৰি আছে ।

উল্লেখযোগ্য যে এই উত্তৰ পূৱ আঞ্চলিক অধিৱেশনখনৰ লগে অসমৰ ৰাজ্যিক শাখাৰ বাৰ্ষিক অধিৱেশন খনো একে স্থানতে যৌথ ভাবে উদযাপন হ'ব । অস্ত্ৰোপচাৰ কক্ষৰ বিভিন্ন সঁজুলি ,  সাঁ সৰঞ্জাম , এনাচথেচিয়া দৰব প্ৰতিষ্ঠান,  NEON , EIGHT STATE  NEXA AESPIRE আদিয়ে বহু প্ৰতিষ্ঠানে প্ৰদৰ্শনী কক্ষত ভাগ লোৱাৰ কথা আছে।

জি এম চি এইছ