সৰলা বিৰলা জ্ঞান জ্যোতি বিদ্যালয়ত 'অন্বেষণ-২৫'

আমিনগাওঁস্থিত সৰলা বিৰলা জ্ঞান জ্যোতি বিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি "অন্বেষণ -২৫" শীৰ্ষক এক আন্ত: স্কুল তৰ্ক আৰু বাতৰি পঢ়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

author-image
Asomiya Pratidin
New Update
cxcxcxcxc

ডিজিটেল সংবাদ, আমিনগাওঁঃ বিগত বছৰৰ দৰে এইবাৰো আমিনগাওঁস্থিত সৰলা বিৰলা জ্ঞান জ্যোতি বিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি "অন্বেষণ -২৫" শীৰ্ষক এক আন্ত: স্কুল তৰ্ক আৰু বাতৰি পঢ়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। শুকুৰবাৰে বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এই প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৮ খন বিদ্যালয়ৰ প্ৰায় অৰ্ধ শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে। 

Advertisment

প্ৰতিযোগিতা খনৰ বাতৰি পঢ়া শিতানত বিচাৰকৰ আসন অলংকৃত কৰে ক্ৰমে সাংবাদিক জেবিন চুলতানা আৰু সাংবাদিক নম্ৰতা প্ৰিয়মে। সমান্তৰালকৈ অনুষ্টিত কৰা তৰ্ক প্ৰতিযোগিতাৰ বিচাৰকৰ হিচাপে আছিল ক্ৰমে প্ৰাঞ্জল প্ৰতিম ডেকা আৰু নিকু দুৱৰা । প্ৰতিযোগিতা খনৰ তৰ্কৰ বিষয় আছিল - "বৰ্তমান সময়ত নাৰী সৱলীকৰণ ধাৰণাটো মাত্ৰ কল্পিত ধাৰণালৈহে পৰিণত হৈছে" । তৰ্ক প্ৰতিযোগিতা খনত অধ্যক্ষৰ আসন অলংকৃত কৰে গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অসমীয়া বিভাগৰ সহকাৰী শিক্ষক ৰাতুল কিশোৰ ডেকাই ।

অধ্যক্ষৰ ভাষণ প্ৰদান কৰি ডেকাই কয় যে, "এখন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় হৈয়ো অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিদ্যালয় খনে যি পদক্ষেপ গ্ৰহণ কৰি আহিছে সেয়া নিশ্চিত ভাৱে আদৰণীয়। এই পদক্ষেপে নৱ প্ৰজন্মক অসমীয়া ভাষাটোৰ প্ৰতি অধিক শ্ৰদ্ধাশীল কৰি তুলিব।" ইফালে, এই প্ৰতিযোগিতা খন আনুষ্ঠানিক ভাৱে মুকলি কৰে সৰলা বিৰলা জ্ঞান জ্যোতি বিদ্যালয়ৰ অধ্যক্ষ ড° দিগন্ত হালদাৰে। অধ্যক্ষ গৰাকীয়ে উল্লেখ কৰে যে, "সৰলা বিৰলা জ্ঞান জ্যোতি বিদ্যালয়ে ২০০৪ চনৰ পৰাই অসমীয়া ভাষা, অসমীয়া সংস্কৃতিৰ প্ৰতি ধাৰাবাহিক ভাৱে কাম কৰি আহিছে।" এই প্ৰতিযোগিতাখনৰ আৰম্ভনিতে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা এটি টোকাৰী গীত পৰিৱেশন কৰা হয় । আনহাতে, বিদ্যালয় খনৰ অসমীয়া বিভাগৰ মূৰব্বী শিক্ষয়িত্ৰী জুবলী পায়েং মৰলে কয় যে, "এই প্ৰতিযোগিতাখনত অনা অসমীয়া ভাষাৰ কেইবাজনো ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।" 

এই তৰ্ক প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগীৰ সন্মান লাভ কৰে সৰলা বিৰলা জ্ঞান জ্যোতি বিদ্যালয়ৰ ছাত্ৰী নিশিগন্ধা দাসে। দ্বিতীয় স্থান লাভ কৰে গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰ ৰাম বিলাস কাশ্যপে । যুটীয়া ভাৱে তৃতীয় স্থান লাভ কৰে যুগব্ৰতা মহন্ত ( সৰলা বিৰলা ) আৰু মৃগানভ দাসে ( গুৰুকুল গ্ৰামাৰ ) । আনহাতে বাতৰি পঢ়া প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পূৰ্বৰাগ শৰ্মাই । দ্বিতীয় স্থান লাভ কৰে খ্যাতি শৰ্মা (সৰলা বিৰলা) আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে মহাশ্বেতা দেৱী ( ডন বক্স', গুৱাহাটী) আৰু কৌশিক শৰ্মা (ফেকাল্টি হায়াৰ ছেকেণ্ডেৰী, উত্তৰ গুৱাহাটী)। দুয়োটা প্ৰতিযোগিতাৰ উদগনি বঁটা লাভ কৰে প্ৰিয়াংশী অধিকাৰী (চেন্ট মেৰিছ, গুৱাহাটী) আৰু ঈশান পৰেশ ( বান্দিয়া ইন্টাৰনেছনেল, উত্তৰ গুৱাহাটী)। সামগ্ৰিকভাৱে প্ৰতিযোগিতা খনত শ্ৰেষ্ঠ বিদ্যালয়ৰ খিতাপ লাভ কৰে গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, গুৱাহাটীৰ লগতে সৰলা বিৰলা জ্ঞান জ্যোতি বিদ্যালয়ে লাভ কৰে দ্বিতীয় শ্ৰেষ্ঠ বিদ্যালয়ৰ খিতাপ। উল্লেখযোগ্য যে, এই প্ৰতিযোগিতা খনত শিৱসাগৰৰ পাঠচালিকা হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰদৰ্শনে উপষ্ঠিত দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

আমিনগাওঁ