/asomiyapratidin/media/media_files/2025/10/28/1-2025-10-28-22-21-59.jpg)
ডিজিটেল ডেস্কঃ ঘূর্ণী বতাহ মন্থাই তীব্র ৰূপ ধাৰণ কৰিছে। ফলস্বৰূপে অন্ধ্ৰপ্রদেশৰ উপকূলভাগত প্রতি ঘণ্টাত ৯০ৰ পৰা ১০০ কিলোমিটাৰ বেগেৰে বতাহ বলিছে আৰু ধাৰাসাৰ বৰষুণ দি আছে। এই বতাহজাকে আজি শেষ নিশালৈ মচলিপট্রনম আৰু কলিংগ পট্টনমৰ মাজত কাকিনাড়াৰ সমীপত খুন্দা মৰাৰ সম্ভাৱনা আছে।
ধুমুহা জাকৰ প্রভাবত স্ত্রী কাকুলম, বিজয়া নগৰম, বিশাখা পট্টনম, অনাটাপল্লি, পূব গোদাবৰী, কোনছিমা, কাকিনাড়া, কৃষ্ণা, নেপ্লৌৰ আৰু প্রকাছম জিলাত ধাৰাসাৰ বৰষুণৰ সৈতে বতাহ বলিছে। কেইবাটাও পথ বাঢ়নি পানীয়ে বুৰাই পেলাইছে আৰু ইয়াৰ ফলত দ এলেকাসমূহত যান-বাহন চলাচল ব্যাহত হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, প্রায় ১৪০০ খন গাঁও আৰু ৪৪ খন চহৰ ধুমুহাজাকৰ ফলত প্রভাৱিত হোৱাৰ সম্ভাৱনা আছে। প্রশাসনে বিপদৰ আশংকালৈ চাই কেইবাখনো জিলাত অ'ৰেঞ্চ এলার্ট জাৰি কৰিছে। বিশাখাপট্রনম, অনাকাপল্লি আৰু পশ্চিম গোদাবৰীৰ বতৰ ক্ৰমাত বেয়া হোৱা পৰিলক্ষিত হৈছে।
প্রভাবিত এলেকাসমূহৰ বিদ্যালয়-মহাবিদ্যালয়সমূহ দুদিনলৈ বন্ধ ৰখা লগতে উক্ত অঞ্চলসমূহৰ ৰে'ল আৰু বিমান সেৱাসমূহো বাতিল কৰা হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্রী এম চন্দ্রবাবু নাইডুৱে পৰিস্থিতি ব্যক্তিগতভাবে নিৰীক্ষণ কৰি আছে আৰু বিষয়াসকলক ছেটেলাইট ফোন আৰু ম'বাইল টাৱাৰৰ জৰিয়তে অবিৰত যোগাযোগ বর্তাই ৰাখিবলৈ নির্দেশ দিছে।
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us