
ডিজিটেল সংবাদ, আন্ধেৰীঘাটঃ দৰঙৰ ঐতিহাসিক পদ্মাথান দেৱালয়ত আজি কেইবাটাও কাছৰ মৃত্যু হোৱা ঘটনাই উদ্ভিগ্ন কৰি তুলিছে প্ৰকৃতিপ্ৰেমী সকলক। কাছৰ বাবে বিখ্যাত পদ্মাথান দেৱালয়ৰ পদ্মা পুখুৰীত এটা পিছত এটাকৈ মৃত কাছ ওপঙি উঠাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।
বাতৰি লিখা পৰলৈ চাৰিটা প্ৰকাণ্ড মৃত কাছ উদ্ধাৰ হৈছে। আজি পুৱাৰ ভাগত দেৱালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াই পদ্মাপুখুৰীত মৃত অৱস্থাত প্ৰত্যক্ষ কৰে কাছ কেইটা। পানীৰ তলত আৰু অধিক কাছৰ মৃত্যু হব পাৰে বুলি আশংকা কৰা হৈছে। প্ৰায় আঢ়ৈৰ পৰা তিনি হাজাৰ সৰু বৰ বিভিন্ন প্ৰজাতিৰ কাছ থকা পদ্মাথান দেৱালয়ৰ এই পদ্মাপুখুৰী ষোল্লশ শতিকাতে প্ৰজাৰ কল্যাণৰ উদ্দেশ্যি দৰঙী ৰজাই খন্দাইছিল।
ঐতিহাসিক স্মৃতি বিজড়িত পদ্মাপুখুৰীৰ পাৰ জেচিপিৰে কাটি শেহতীয়া ভাৱে পুখুৰীটোৰ সম্প্ৰসাৰনৰ কাম কৰি থকা সময়তে সময়তে সংঘটিত হৈছে এই অঘটন। প্ৰায় ১৯ লাখ টকা ব্যয়েৰে চলাই থকা পদ্মাপুখুৰী সম্প্ৰসাৰণ কাৰ্যৰ বাবে যথেষ্ট পৰিমাণে পানী সিঁচি পেলোৱাৰ ফলত আৰু পুখুৰীটোৰ পাৰত থকা এডাল প্ৰকাণ্ড অৰ্জুন গছ কাটি পেলোৱাত ইয়াৰ ডাল পাত পৰি পুখুৰীৰ পানী প্ৰদূষিত হোৱাৰ লগতে অস্বাভাৱিক ভাৱে অক্সিজেনৰ পৰিমাণ কমি যোৱাৰ ফলত এনে ঘটনা হব পাৰে বুলি বিভিন্ন মহলে আশংকা প্ৰকাশ কৰিছে যদিও দেৱালয় পৰিচালনা সমিতিয়ে এনে কাৰণত কাছ কেইটাৰ মৃত্যু হোৱা নাই বুলি দাবী কৰিছে।
এই পৰ্যন্ত কাছৰ অস্বভাৱিক মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই। ২০১২ চনতে পদ্মা পুখুৰীত কাছ সংৰক্ষণৰ উদ্দেশ্যি দেৱালয় পৰিচালনা সমিতিৰ তৎপৰতাত চৰকাৰী পদক্ষেপৰ আৰম্ভণি ঘটিছিল যদিও কাছ সংৰক্ষণৰ বাবে বিজ্ঞান সন্মত পদক্ষেপ আজিও সঠিক ৰূপত হৈ উঠা নাই। যাৰ পৰিণতিত এনেদৰে দুষ্পাপ্য কাছৰ মৃত্যু ঘটিছে।
ঐতিহাসিক পদ্মাথান দেৱালয়ত দুপ্ৰাপ্য কাছৰ মৃত্যু: উদ্ভিগ্ন প্ৰকৃতিপ্ৰেমীইয়াৰ পূৰ্বেও প্ৰায় প্ৰতি বছৰে দুই অতি কাছ মৃত্যু হোৱা বুলি সদৰী কৰিছে পৰিচালনা সমিতিৰ সম্পাদক দ্বীপেন কলিতাই। বন বিভাগ আৰু মীন বিভাগৰ ফালৰ পৰা কোনেও বিষয়টো গুৰুত্ব সহকাৰে লৈ ঘটনাস্থলীত উপস্থিত নোহোৱাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে।
সংশিষ্ট বিভাগে তৎকালীন ভাৱে উচিত পদক্ষেপ গ্ৰহণ নকৰিলে ঐতিহাসিক পুখুৰীটোৰ বাকী কাছ সমূহো বিপদাপন্ন হোৱা সম্ভাৱনা আছে। পৃথিৱীৰ বিলুপ্তিৰ গৰ্ভত পৰা প্ৰাণীৰ ভিতৰত কাছ অন্যতম। অথচ এই কাছৰ অস্বভাৱিক মৃত্যুৰ বাতৰি পোৱাৰ পিছতো চৰকাৰৰ সংশ্লিষ্ট বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সচেতন মহলে খেদ প্ৰকাশ কৰিছে।