ধেমাজিত “অনাতাঁৰ মৰম আকলুৱা পৰিয়াল’’ৰ ৫ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

আকাশবাণী অৰ্থাৎ ৰেডিঅ’ৰ শ্ৰোতাসকলৰ অনুষ্ঠান “অনাতাঁৰ মৰম আকলুৱা পৰিয়াল”ৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। মঙলবাৰে ধেমাজি জিলাৰ মাছখোৱাৰ যোৰকটা সমন্বয় সংঘ কাঠগাঁৱত এই প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়৷ 

author-image
Asomiya Pratidin
New Update
anatarrrrraradioooo

ডিজিটেল সংবাদ, ধেমাজিঃ আকাশবাণী অৰ্থাৎ ৰেডিঅ’ৰ শ্ৰোতাসকলৰ অনুষ্ঠান “অনাতাঁৰ মৰম আকলুৱা পৰিয়াল”ৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। মঙলবাৰে ধেমাজি জিলাৰ মাছখোৱাৰ যোৰকটা সমন্বয় সংঘ কাঠগাঁৱত এই প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়৷ 

আকাশবাণী ডিব্ৰুগড়, গুৱাহাটী, তেজপুৰ আৰু যোৰহাটৰ প্ৰাক্তন তথা বৰ্তমানৰ প্ৰযোজক, ঘোষক-ঘোষিকাকসকলক প্ৰদান কৰা হয় কেইবাটাও বঁটা আৰু সম্বৰ্ধনা৷ 

কুকিল কণ্ঠী গায়িকা সংগীতা বৰঠাকুৰক “ছৈয়দ ছাদুল্লা সোঁৱৰণি বঁটা” আৰু আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ প্ৰাক্তন প্ৰযোজক, বিশিষ্ট গীতিকাৰ, সুৰকাৰ ৰাজেন গোঁহাইক “জুবিন গাৰ্গ সোঁৱৰণি বঁটা’’ প্ৰদান কৰা হয়৷

ৰাজ্যৰ গ্ৰামাঞ্চল সমূহত বৰ্তমানেও ৰেডিঅ’ৰ জনপ্ৰিয়তা দেখি আৱেগিক আকাশবাণীৰ কৰ্মকৰ্তা আৰু শিল্পীসকল৷

ধেমাজি