/asomiyapratidin/media/media_files/2025/10/22/fcerferw-2025-10-22-19-22-13.jpg)
ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় পৰিয়ালে বিগত কেইবাটাও বছৰৰ পৰা প্ৰদান কৰি অহা 'আনন্দৰাম ঢেকিয়াল ফুকন' বঁটা-২০২৫ আজি আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হয় অসমৰ বিশিষ্ট ক্ৰীড়াবিদ, অসম গৌৰৱ অৰ্জুন ভোগেশ্বৰ বৰুৱাক। মহাবিদ্যালয় খনৰ পৰিচালনা সমিতিৰ সভাপতি ড° বলীন ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটিৰ আৰম্ভণিতে শিল্পী ,অসমীয়াৰ স্বাভিমান জুবিন গাৰ্গ, সুধাকণ্ঠ ভাৰত ৰত্ন ড° ভূপেন হাজৰিকা আৰু আনন্দৰাম ঢেকিয়াল ফুকন প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয়।
অৰ্জুন ভোগেশ্বৰ বৰুৱা আছিল ভাৰতবৰ্ষৰ এগৰাকী বিশিষ্ট ক্ৰীড়াবিদ তথা প্ৰশিক্ষক। তেওঁ হৈছে অৰ্জুন বঁটা বিজয়ী প্ৰথম গৰাকী অসমীয়া। আজি এই গৰাকী বৰেণ্য অসম সন্তানক আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ 'আব্দুল হাই ' প্ৰেক্ষাগৃহত মহাবিদ্যালয়খনৰ ছাত্র-ছাত্ৰী, অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী, মহাবিদ্যালয় পৰিচালনা সমিতি তথা অন্যান্য বিশিষ্ট ব্যক্তি সকলৰ লগতে মন্ত্ৰী কেশৱ মহন্ত আৰু বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত অতি গাম্ভীৰ্যপূৰ্ণ পৰিবেশত এই বঁটা প্ৰদান কৰা হয়।
শাৰীৰিক কিছু অসুবিধাৰ বাবে অনুষ্ঠানটিত বিশিষ্ট ক্ৰীড়াবিদ গৰাকী নিজে উপস্থিত থাকিব নোৱাৰিলেও তেওঁৰ হৈ এই বঁটা গ্ৰহণ কৰে তেওঁৰ পুত্ৰ মোহন মাধৱ বৰুৱাই। মহাবিদ্যালয় পৰিয়ালৰ হৈ বঁটা প্ৰদান কৰে অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই। এই বঁটাত আছে স্মাৰক, অভিনন্দন পত্ৰ, গামোচা, চেলেং, শৰাই, গ্ৰন্থৰ টোপোলা আৰু নগদ ২৫০০০ টকা।
বঁটা প্ৰদান কৰি মন্ত্ৰী কেশৱ মহন্তই উল্লেখ কৰে যে,পৃথিৱীলৈ তেনেই চমু এটা জীৱন লৈ অহা বিশ্বৰ বহু বৰেণ্য ব্যক্তিৰ ভিতৰত আনন্দৰাম ঢেকিয়াল ফুকন, সদ্যপ্ৰয়াত জুবিন গাৰ্গো আমাৰ বাবে অন্যতম। এই সকল বিশাল প্ৰতিভাসম্পন্ন ব্যক্তিৰ বাবেই এটা জাতিয়ে হেৰুৱাব লগা বহু সম্পদ পাবলৈ সক্ষম হৈছে। সেয়া ভাষা সাহিত্যৰ ক্ষেত্ৰ খনতো হ'ব পাৰে বা সংস্কৃতি তথা সমাজ সংস্কাৰৰ ক্ষেত্ৰটো হ'ব পাৰে।
উল্লেখ্য যে বিগত বছৰকেইটাত এই বঁটা আগবঢ়োৱা হৈছিল বিশিষ্ট বিজ্ঞানী বিদ্যুৎ কুমাৰ শৰ্মা, ভাষাবিদ নাহেন্দ্ৰ পাদুন, অভিনেতা বিষ্ণু খাৰঘৰীয়া, পদ্মশ্ৰী বিৰুবালা ৰাভা, সাহিত্যিক য়েছে দৰজে ঠংচি, শিল্পী বীৰেণ সিংহ, অভিনেতা আদিল হুছেইনলৈ।
ইফালে, বঁটা প্ৰদানৰ পাছতেই আৰম্ভ হয় 'আনন্দৰাম ঢেকিয়াল ফুকন স্মাৰক বক্তৃতা। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি এইবাৰৰ স্মাৰক বক্তৃতাৰ বিষয় আছিল 'ড° ভূপেন হাজৰিকাৰ সংগীত'। মুখ্য বক্তা ৰূপে এই বিষয়ক বক্তৃতা প্ৰদান কৰে বিশিষ্ট লোক-সংস্কৃতিবিদ মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° অনিল শইকীয়াই।
'ড° ভূপেন হাজৰিকাৰ সংগীত' শীৰ্ষক বক্তৃতা প্ৰদান কৰি ড° অনিল শইকীয়াই কয় ড° ভূপেন হাজৰিকা আৰু সদ্য প্ৰয়াত জুবিন গাৰ্গৰ মাজত যথেষ্ট সাদৃশ্য আছে। কাৰণ দুয়ো গৰাকী বৰেণ্য অসমীয়াই শিশু অৱস্থাত মাতৃৰ পৰাই সংগীতৰ আদিপাঠ আয়ত্ব কৰিছিল। দুয়োগৰাকীৰে পিতৃ উচ্চ পদৰ চৰকাৰী বিষয়া আছিল। ঠিক তেনেকৈ দুয়োগৰাকী বৰেণ্য শিল্পীৰ পিতৃৰ চৰকাৰী চাকৰিৰ তাগিদাত বিভিন্ন ঠাইলৈ বদলি হৈ থকাৰ বাবে শৈশৱতে বাংলা ভাষা শিকিছিল। ইয়াৰ উপৰিও ড° ভূপেন হাজৰিকা সংগীতৰ আটাইবোৰ দিশতেই সিদ্ধহস্ত। গান লিখা, সুৰ দিয়া, কণ্ঠদান, সংগীত ব্যৱস্থাপনা আদিকে লৈ সকলোবোৰ প্ৰতিভা এজন ব্যক্তিৰ মাজতেই প্ৰকাশ পাইছিল । জুবিন গাৰ্গৰো একেই প্ৰতিভা আছিল। বিশেষকৈ দুই এটা বিষয়ত জুবিনৰ প্ৰতিভা বেছিহে আছিল। ভূপেন হাজৰিকাই যিদৰে এখন ছবিৰ সংগীত, নিৰ্মাণ, পৰিচালনা, আৰু অভিনয় কৰিছিল জুবিন গাৰ্গৰো একেই প্ৰতিভা আছিল। এই সকলোবোৰ দিশৰ উপৰিও দুয়োগৰাকীৰে ৰাজনৈতিক আদৰ্শ আৰু দৰ্শন একেই আছিল । ভাৰতবৰ্ষৰ কোনো বিখ্যাত সংগীত শিল্পীৰ মাজত ইমানবোৰ প্ৰতিভা একেলগে দেখা পোৱা নাই। সেয়ে অন্যান্য আৰু বিশ্ববৰেণ্য অসমৰ এই দুয়োগৰাকী শিল্পী।
'ড° ভূপেন হাজৰিকাৰ সংগীত' শীৰ্ষক বক্তৃতা প্ৰদান কৰি বক্তা ড° অনিল শইকীয়াই সুধাকণ্ঠৰ সংগীতৰ সৃষ্টি, উদ্দেশ্য, লক্ষ্যৰ এক ঐতিহাসিক বিশ্লেষণ দাঙি ধৰাৰ লগতে সুধাকণ্ঠৰ গীতৰ মাজেৰে সমাজ সংস্কাৰ আৰু তেওঁৰ প্ৰতিবাদী সত্বাটো আৰু তেওঁৰ জীৱন দৰ্শন সম্পৰ্কত এক সাৱলীল বাখ্যা আগবঢ়োৰ উপৰিও ভাৰতৰত্ন ড° ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ দৰে সাংস্কৃতিক ক্ষেত্ৰ খনৰ সৰ্বগুণাকাৰ শিল্পী সমগ্ৰ ভাৰতবৰ্ষ তথা বিশ্বতেই বিৰল বুলি মন্তব্য কৰে। আনহাতে, অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰে অধ্যক্ষ ড° সদানন্দ পায়েঙে। সামগ্ৰিক অনুষ্ঠানটিৰ আঁত ধৰে ড° মিলন নেওগে।